NORTHEAST NOW (Assamese)
অসম

আজি পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা দল হৰিণ উদ্ধাৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 28, 2020 11:17 am

খাদ্যৰ সন্ধানত আজি পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা দল হৰিণ উদ্ধাৰ হয় বিশ্বনাথৰ গুৱাল তলীত।

পুৱা প্ৰায় ৬.৩০ বজাত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ কেন্দ্ৰীয় বনাঞ্চলৰ দলক পানী ভৰ্তি এটা গাতত পৰি থকা দল হৰিণটোৰ সঠিক তথ্য দি বন্যপ্ৰাণী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে স্থানীয় ৰাইজে।

গুৱালতলিৰ এটা খাৱৈত পৰি থকা হৰিণটো পাছত গাঁৱৰ অন্য ৰাইজৰ লগত উদ্ধাৰ কৰা হয় আৰু TSA India ৰ সহযোগত প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লহৰিজান বন শিবিৰৰ এলেকাত এৰি দিয়া হয়।

উল্লেখযোগ্য যে বনাঞ্চল ধংস কৰাৰ ফলতেই খাদ্যৰ সন্ধানত দীৰ্ঘদিনৰ পৰা এনেদৰে বন্যপ্ৰাণীসমূহে বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।