NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত পুলৱামা সদৃশ আক্ৰমণৰ পুনৰাবৃত্তি বিফল; নিৰাপত্তাৰক্ষীৰ হাতত জব্দ বৃহৎ পৰিমাণৰ আই ই ডি ভৰ্তি বাহন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2020 4:32 pm

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত ২০১৯ বৰ্ষৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পৰা ৰক্ষা কৰিলে নিৰাপত্তাৰক্ষী বাহিনীয়ে।

প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে ৰাজপোৰা অঞ্চলত এখন সন্দেহযুক্ত গাড়ী আটক কৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে।

গাড়ীখনত ২০ কিলোগ্ৰাম আই ই ডি ভৰ্তি হৈ আছিল বুলি জানিব পৰা গৈছে। সেনা, আৰক্ষী আৰু অৰ্ধসামাৰিক বাহিনীৰ যৌথ অভিযানত এই বিস্ফোৰকখিনি দুৰ্ঘটনাৰ পূৰ্বে উদ্ধাৰ কৰা হয়।

নিৰাপত্তাৰক্ষী বাহিনীয়ে গাড়ীখনত ভূৱা নম্বৰপ্লেট লগোৱা হৈছিল বুলি উল্লেখ কৰে। গাড়ীখন ৰখোৱাৰ বাবে নিৰ্দেশ দিয়াৰ সময়তে চালক গৰাকীয়ে বেৰিকেড ভাঙি পলোৱাৰ বাবে চেষ্টা কৰিছিল।

জম্মু-কাশ্মীৰ আৰক্ষীৰ আই জি বিজয় কুমাৰে জনোৱা অনুসৰি বিস্ফোৰক ভৰ্তি গাড়ীখনৰ চালকক উদ্দেশ্যি নিৰাপত্তাৰক্ষী বাহিনীয়ে গুলীবৰ্ষণ কৰে যদিও গাড়ী ৰখায় চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়।

আনহাতে, পৰৱৰ্তী সময়ত বোমা স্কোৱাডৰ দ্বাৰা বিস্ফোৰকখিনি পৰিত্যক্ত অঞ্চললৈ নি বিস্ফোৰণ ঘটোৱা হয়।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰিত পুলৱামাত চি আৰ পি এফৰ কনভয়ত বিস্ফোৰক ভৰ্তি গাড়ীৰে আক্ৰমণ কৰিছিল উগ্ৰপন্থীয়ে।

এই আক্ৰমণত ৪০ গৰাকী চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল।