NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত কোৱাৰেন্টাইনত থকা ব্যক্তি বাহিৰত ঘূৰি ফুৰাৰ অভিযোগ : প্ৰশাসনক সতৰ্ক হোৱাৰ আহ্বান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 30, 2020 2:21 pm
20200530_132141

অসমত ১০০০ অতিক্ৰম কৰিলে ক’ৰ’না ৰোগীয়ে। দৈনিক অসমলৈ শ শ মানুহ বহিঃৰাজ্যৰ পৰা আহি আছে।

এই সকল ব্যক্তিক চৰকাৰে স্থাপন কৰা বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত থকাৰ ব্যৱস্থা কৰিছে। চৰকাৰে স্থাপন কৰি দিয়া কোৱাৰেন্টাইন চেন্টাৰৰ বাদেও বিভিন্ন হোটেলত স্থাপন কৰি দিয়া হৈছে কুৱাৰেন্টাইন চেন্টাৰ।

ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে শিৱসাগৰতো বিভিন্ন হোটেলত কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰিছে জিলা প্ৰশাসনে। কিন্তু শিৱসাগৰৰ ষ্টেচন চাৰিআলিস্থিত এখন হোটেলত থকা কোৱাৰেন্টাইন চেন্টাৰৰ পৰা কোৱাৰেন্টাইনত থকা ব্যক্তি ৰূমৰ বাহিৰৰ পৰা ৰাজপথলৈ ওলাই অহাৰ এক অভিযোগ উঠিছে।

নগৰৰ এএচটিচি কাষৰে এজন ব্যক্তি দিল্লীৰ পৰা আহি হোটেলখনত কোৱাৰেন্টাইত আছিল। কিন্তু ব্যক্তিগৰাকীয়ে ৰূমৰ ভিতৰত থকাৰ পৰিৱৰ্তে বাহিৰলৈ ওলাই আহি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি থকা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ব্যক্তিয়ে।

কোৱাৰেন্টাইনৰ নীতি নিয়ম উলংঘা কৰা এনে ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থ গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

তদুপৰি কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হোটেল সমুহত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ দাবী কৰিছে একাংশ সচেতন ব্যক্তিয়ে। যাতে বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইনত থকা ব্যক্তিয়ে হোটেলৰ বাহিৰলৈ ওলাই আন ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।

এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অধিক সতৰ্কতা অৱলম্বল কৰিবলৈ দাবী জনাইছে শিবসাগৰবাসীয়ে।

উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে চেন্নাইৰ পৰা অহি এইখন হোটেলৰ কোৱাৰেন্টাইন চেন্টাৰত থকা এজন যুৱকৰ শৰীৰত ক’ৰ’না পজিটিভ পোৱা গৈছিল।