NORTHEAST NOW (Assamese)
Popular Stories

কিয় যুৱৰাজে সিঙে ক্ষমা খুজিব লাগে বুলি দাবী উঠিছে ছ’চিয়েল মিডিয়াত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 10:27 am

সোমবাৰৰ নিশাৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকটাৰ যুৱৰাজ সিঙক লৈ টুইটাৰত আৰম্ভ হৈছে এটা হেচটেগ ট্ৰেণ্ড।

এই হেচটেগটোৰ জৰিয়তে বিভিন্ন লোকে যুৱৰাজ সিঙে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে।

ক্ৰিকেটাৰ গৰাকীক লৈ চলা হেচটেগৰ কাৰণ কিছু বেলেগ ধৰণৰ যদিও বহুতে এয়া হোৱাটো স্বাভাৱিক বুলি মন্তব্য কৰে।

কিয়নো ধেমালিৰ চলেৰে যদি আপুনি জাতিগত মন্তব্য কৰে তেন্তে এই মন্তব্যটো বহুতেই সহজভাৱে মানি ল’ব নিবিচাৰে। ঠিক এনেকুৱা ঘটনাই যুৱৰাজ সিঙৰ লগত সংঘটিত হৈছে।

আচলতে প্ৰায় পোন্ধৰ দিন আগতেই যুৱৰাজ সিঙে ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ ৰোহিত শৰ্মাৰ সৈতে ইনষ্টাগ্ৰাম লাইভত এটা আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল।

এতিয়া যুৱৰাজে ব্যৱহাৰ কৰা সেই শব্দটোৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগতে টুইটাৰত যুৱৰাজ সিঙে ক্ষমা খোজক বুলিও ট্ৰেণ্ড আৰম্ভ হ’বলৈ ধৰিছে।

উল্লেখ্য যে ৰোহিত আৰু যুৱৰাজে লাইভত কথা পাতি থাকোতেই অন্য দুজন ক্ৰিকেটাৰ ক্ৰমে কুলদীপ যাদৱ আৰু য়ুজবেন্দ্ৰ চাহালে মন্তব্য কৰিছিল।

জুনিয়ৰ ক্ৰিকেটাৰ দুগৰাকীৰ মন্তব্য দেখি যুৱৰাজে ৰোহিতৰ সৈতে মিলি ধেমালিৰ চলেৰে এটা জাতিগত মন্তব্য কৰিছিল, আৰু সেইটোক লৈয়ে এতিয়া বাল্মীকি সমাজ ক্ষুব্ধ হৈ পৰিছে।

আচলতে চাহালে টিকটক বনোৱাক লৈ যুৱৰাজ আৰু ৰোহিতে ধেমালি কৰিছিল আৰু সেই ভিডিঅ’ ভাইৰেল হোৱাত এতিয়া যুৱৰাজ সিঙে ক্ষমা খোজাৰ দাবী উত্থাপন হৈছে।