NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ১০২গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2020 11:57 pm
102 persons test COVID-19 positive in Tripura

১০২গৰাকী লোকক ত্ৰিপুৰাত বুধবাৰে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই তথ্য সদৰী কৰই কয় যে ৰাজ্যখনত বুধবাৰে মুঠ ৭২৮টা নমুনা পৰীক্ষা কৰা হৈছিল।

আক্ৰান্ত বেছিভাগেই ট্ৰেভেল হিষ্ট্ৰী থকা আৰু সংস্পৰ্শজনিত বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মঙলবাৰে নিশা ৰাজ্যখনত ২৫ গৰাকী ক’ৰ’না আক্ৰান্তক চিনাক্ত কৰা হৈছিল।

বুধবাৰৰ লৈকে ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২,০৭,৬১৫জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ১,০১,৪৯৭জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে।

আনহাতে ১,০০,৩০৩ লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৫,৮১৫ গৰাকী ক’ৰ’নাত আক্ৰান্ত লোকে এই পৰ্যন্ত মৃত্যুক সাবটি লৈছে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যায়লে আজি এই কথা প্ৰকাশ কৰে।