NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাতংকৰ বাবেই এবছৰ পিচুৱাই যাব পাৰে দেশৰ লোকপিয়ল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 11:56 am
papu-1-copy

দেশত এতিয়া ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ চলিছে।

এনে পৰিস্থিতিত লোক পিয়ল আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম এবছৰৰ বাবে পিচুৱাই যাব পাৰে বুলি ইংগিত দিছে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই।

পৰিচয় ব্যক্ত কৰিবলৈ ইচ্ছা নকৰা মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে লোকপিয়ল আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰ বাবে যি প্ৰাথমিক কাম কৰিব লাগে সেয়াই এতিয়ালৈকে হৈ উঠা নাই।

চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্তেম্বৰ পৰ্যন্ত দেশত লোকপিয়ল  আৰু ৰাষ্ট্ৰীয়  জনসংখ্যাপঞ্জীৰ কাম হোৱাৰ কথা আছিল যদিও ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাৰ্চ মাহতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউন ঘোষণা কৰিবলগীয়া হয়।

উল্লেখ্য ভাৰতৰ দৰে জনবহুল দেশ এখনত লোকপিয়ল এক অতি জটিল বিষয়।

লোকপিয়লৰ সৈতে দেশৰ প্ৰায় ৩০ লাখ লোকে দিন-ৰাতি একাকাৰ কৰি কাম কৰিবলগীয়া হয়।

কিন্তু এইবাৰ ক’ৰ’ণাতংকৰ বাবে কোনেও লোকপিয়লৰ কামত বাহিৰলৈ ওলোৱাৰ সাহস গোটাব পৰা নাই।

সেয়ে ২০২১ চনত প্ৰকাশ পাবলগীয়া লোকপিয়ল এবছৰ পিচুৱাই যোৱাৰ আশংকাই দেখা দিছে।

দেশত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল হৈ আহিছে।

বিশ্বৰ ভিতৰতে ভাৰতৰ লোকপিয়ল ব্যৱস্থাই হৈছে সৰ্ববৃহৎ লোকপিয়ল।