NORTHEAST NOW (Assamese)
Popular Stories

দিহিং পাটকাইত মুক্ত কয়লা খননৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখন ৰীট আবেদন দাখিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 9:59 am
IMG20200524084156

দিহিং পাটকাইত মুক্ত কয়লা খননৰ অনুমোদনৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰীট আবেদন দাখিল কৰা হৈছে।

উল্লেখ্য যে, বন্যপ্ৰাণী সুৰক্ষা ব’ৰ্ডে ইতিমধ্যে দিহিং পাটকাইৰ হস্তী বনাঞ্চলৰ প্ৰস্তাৱিত এলেকা শালেকিত মুক্ত কয়লা খনন বাবে ক’ল ইণ্ডিয়া লিমিটেডক সেউজ সংকেট দিয়াৰ বুলি বাতৰি প্ৰকাশ পাই আহিছে।

এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্তৰৰ লোকে চ’ছিয়েল মিডিয়াৰ যোগে ইয়াৰ বিৰুদ্ধে মাত মতাৰ পৰিলক্ষিত হয়।

আনহাতে অভিযোগ উত্থাপিত হৈছে যে ক’ল ইণ্ডিয়াই কয়লা খননৰ অনুজ্ঞা পত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছতো উক্ত অঞ্চলত মুকলিকৈ খনন কাৰ্য অব্যাহত ৰাখিছে।

ৰাজ্য বিভিন্ন স্তৰ তথা সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰতিবাদ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক অঞ্চলটো পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন আৰু পৰিৱেশ মন্ত্ৰী শুক্লবৈদ্যই অঞ্চলটো পৰিদৰ্শন কৰে যদিও কয়লা মুক্ত খনন আৰু দিহিং পাটকাইৰ প্ৰস্তাৱিত হস্তী বনাঞ্চলত বন সুৰক্ষা ব’ৰ্ডৰ কয়লা খনন অনুমোদন সম্পৰ্কত ৰাজ্য চৰকাৰৰ স্থিতিয়ে এতিয়াও অসমবাসীক আশ্বস্ত কৰিব পৰা নাই।

এই সন্দৰ্ভত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখনকৈ ৰীট আবেদন দাখিল কৰিছে ৰাজ্যৰ সচেতন ব্যক্তি আৰু  জ্যেষ্ঠ অধিবক্তাই।

প্ৰথমখন ৰীট আবেদন দাখিল কৰিছে মৃন্ময় খাটনিয়াৰে আৰু অধিবক্তা দেৱজিৎ দাসে উক্ত আবেদনত আইনজীৱী হিচাপে স্বাক্ষৰ কৰিছে।।

আনহাতে দ্বিতীয়খন ৰীট আবেদন যুটীয়াভাৱে দাখিল কৰিছে বিক্ৰম ৰাজখোৱা আৰু উচ্চ ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে আইনজীৱী হিচাপে স্বাক্ষৰ কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ ডি শইকীয়াৰ খণ্ড বিচাৰপীঠত বিষয়টো বিচাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।