NORTHEAST NOW (Assamese)
Popular Stories

৮ জুনৰ পৰা বাংলাদেশৰ সৈতে ৰপ্তানি বাণিজ্য আৰম্ভ কৰিব মেঘালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 8:38 pm
conrad-pc-as-cm-e1521335916237-750x375

মেঘালয় চৰকাৰে অহা সপ্তাহৰ পৰা বাংলাদেশৰ সৈতে অতিৰিক্ত ৰপ্তানি বাণিজ্য আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ মুখ্য সচিব এম এছ ৰাওয়ে আজি এই কথা প্ৰকাশ কৰে।

অৱশ্যে এই ক্ষেত্ৰত সকলো অংশীদাৰেই চৰকাৰে কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে বান্ধি দিয়া নিয়ম মানি চলাতো বাধ্যতামূলক হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ইতিমধ্যে যোৱা মে’ত এটা চিমেণ্ট কোম্পানিক চুবুৰীয়া দেশখনলৈ নতুনকৈ ৰপ্তানি আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছিল।

অহা ৮ জুনৰ পৰা লেণ্ড কাষ্টম কেন্দ্ৰসমূহৰ জৰিয়তে বাংলাদেশৰ সৈতে অতিৰিক্তভাৱে সীমান্ত বাণিজ্য আৰম্ভ কৰাৰ অনুমতি দিয়া হৈছে বুলি ৰাওয়ে জানিবলৈ দিয়ে।

অৱশ্যে সীমান্তত থকা হাট বজাৰ সমূহ এতিয়াই আৰম্ভ কৰিবলৈ দিয়া হোৱা নাই, তেওঁ লগতে কয়।