NORTHEAST NOW (Assamese)
অসম

ই ডিৰ মুখ্য কাৰ্যালয়ৰ ৫ গৰাকী কৰ্মচাৰী ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 2:07 pm

ৰাজধানী নতুন দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। নিতৌ ন ন লোক আক্ৰান্ত হোৱাৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়তো ঘটিছে ক’ৰ’নাৰ সংক্ৰমণ।

শেহতীয়াকৈ খান মাৰ্কেটস্থিত লোক নায়ক ভৱনৰ এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ই ডি)ৰ মুখ্য কাৰ্যালয়তো ক’ৰ’না ভাইৰাছে ভুমুকি মাৰিছে।

জানিব পৰা মতে, ই ডিৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত পাঁচগৰাকী বিষয়া কৰ্মচাৰীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

এই কথা পোহৰলৈ অহাৰ পিছত লগে লগে কাৰ্যালয়টো চেনিটাইজ কৰাৰ লগতে প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি বিল্ডিংটো দেওবাৰলৈ ছিল কৰি দিয়া হয়।

উল্লেখ্য যে দিল্লীত ক’ৰ’নাৰ সংক্ৰমণ ধাৰাবাহিকভাৱে বৃদ্ধি পাই অহা তথ্যই চিন্তিত কৰি তুলিছে ৰাজ্য চৰকাৰক। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাৰ ১৩৩০ টা নতুন ঘটনা পোহৰলৈ আহিছে।

দিল্লীত এই পৰ্যন্ত ২৬ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ উপৰি ৭০৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে।