NORTHEAST NOW (Assamese)
অসম

২৪০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, নতুনকৈ চিনাক্ত ৭৩

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 6, 2020 7:22 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

৭৩গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিক ধৰি অসমত শনিবাৰে মুঠ আক্ৰান্ত ২৩৯৭লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে ধুবুৰীৰ ২১, ডিমা হাচাওৰ ১২, গোৱালপাৰাৰ ছয়, হাইলাকান্দিৰ পাঁচ, কামৰূপৰ পাঁচ, বিমান বন্দৰৰ চাৰি, পশ্চিম কাৰ্বি আংলঙৰ চাৰি, গোলাঘাটৰ চাৰি, ধেমাজিৰ তিনি, কাছাৰৰ দুই আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল, ৰঙাপাৰা, কাৰ্বি আংলং, নগাওঁ, চৰাইদেউ, কৰিমগঞ্জ আৰু শিৱসাগৰৰ এগৰাকীকৈ ব্যক্তি।

অসমত এতিয়ালৈকে ক’ভিড ৰোগত চাৰিগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে ৫৪৭গৰাকী।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৮৪৩গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।