NORTHEAST NOW (Assamese)
অসম

মেট্ৰিকৰ ফলাফলৰ পিছতে “আত্মহত্যা” প্ৰথম বিভাগ পোৱা ছাত্ৰীৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য June 6, 2020 9:31 pm
Jorhat: HSLC candidate found hanging in suspected case of suicide

কংকিতা বৰা নামৰ যোৰহাটৰ ছাত্ৰী এগৰাকীয়ে শনিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

কংকিতাই আজি ঘোষিত মেট্ৰিকৰ ফলাফলত ৬৩শতাংশ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।

কিন্তু, জানিব পৰা মতে এই ফলাফল তেওঁ আশা কৰা ধৰণৰ নাছিল।

শনিবাৰে বিয়লি জয়া নগৰত থকা নিজ ঘৰত চিপ লৈ থকা অৱস্থাত তেওঁৰ মৃতদেহটো উদ্ধাৰ হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ছোৱালীগৰাকীক ঘৰৰ খিৰিকীৰ গ্ৰিলত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু কোঠাটোৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল।

আৰক্ষীয়ে কয় যে প্ৰাৰম্ভিক তদন্তত ইয়াক আত্মহত্যাৰ ঘটনা বুলি ধাৰণা কৰা হৈছে।

কংকিতা যোৰহাটৰ বাল্য ভৱনৰ ছাত্ৰী আছিল।

তেওঁৰ দেউতাক ধীৰেন বৰা ধেনুচোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক।