NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ওলাল নতুনকৈ ১০ জন কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৩৪জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 10:37 am
EZ35kyXU4AAxV1G-680x375

মিজোৰামত দেওবাৰে নতুনকৈ আৰু ১০জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

এই ১০জনৰে সৈতে ৰাজ্যখনত কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পালে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই দেওবাৰে তেওঁৰ অফিচিয়েল টুইটাৰ একাউন্টৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

দেওবাৰলৈকে ৰাজ্যখনত সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা হৈছে ৩৩জন।

উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰথমগৰাকী কোভিড-১৯ পজিটিভ ব্যক্তি ইতিমধ্যে সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পাছত হাস্পাতলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

ইয়াৰ পাছতে শেহতীয়া আক্ৰান্তৰ ঘটনাবোৰৰ পূৰ্বে ৰাজ্যখনক কোভিড-১৯ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

ৰাজ্যখনত এতিয়ালৈকে কোনো কোভিড-১৯ পজিটিভ ৰোগীৰ মৃত্যুৰ ঘটনা ঘটা নাই।