NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত কৰ্তব্যৰত চিকিৎসক কোভিত-১৯-ত আক্ৰান্ত

Posted by: তন্ময় চক্ৰৱৰ্তী Updated by: তন্ময় চক্ৰৱৰ্তী June 7, 2020 3:54 pm
642 persons test Covid19 positive in Assam on Saturday

ত্ৰিপুৰাত কোভিড-১৯ত আক্ৰান্ত হৈছে এগৰাকী কৰ্তব্যৰত চিকিৎসক। এইটো ৰাজ্যখনৰ প্ৰথমটো চিকিৎসা কৰ্মী কোভিড-১৯ত আক্ৰান্ত হোৱা ঘটনা।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনোৱা মতে, ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহাৰ ফলতে চিকিৎসক গৰাকী কোভিড-১৯-ৰ দ্বাৰা সংক্ৰমিত হৈছে। চিকিৎসক গৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ত্ৰিপুৰাত বৰ্তমানলৈ ৭৫০ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হৈছে। শনিবাৰে ৰাজ্যখনত নতুনকৈ ৫৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হয়।

বৰ্তমান ত্ৰিপুৰাত ৫৭৩ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত এগৰাকী ক’ৰ’না আক্ৰান্ত মহিলাই কিছুদিন পূৰ্বে আত্মহত্যা কৰিছিল।

ৰাজ্যখনত প্ৰথম পৰ্যায়ত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু বিষয়া সকল সৰ্বাধিক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

আনহাতে, কিছুদিন পূৰ্বে এগৰাকী সেনা বিষয়াৰ দেহটো মাৰাত্মক কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল।