NORTHEAST NOW (Assamese)
অসম

শিক্ষা মন্ত্ৰীৰ ঘোষণাক আদৰণি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 7, 2020 7:29 pm
Himanta Biswa Sarma

আজি শিক্ষামন্ত্ৰী ° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সৰ্বশিক্ষাৰ অধীনত অসমৰ  বিভিন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি ম্যাদ ৬০ বছৰ বয়সলৈ বৃদ্ধি কৰা আৰু নিয়মীয়া শিক্ষকৰ দৰে দৰে গ্ৰেড পে, ছুটি, বেংক লোন আদিৰ সুবিধা দিয়াৰ আনুষ্ঠানিক ঘোষণাক আদৰণি জনাইছে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজে।

এক ভিডিঅ’যোগে সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিডে কয় শিক্ষামন্ত্ৰীয়ে শিক্ষক সকলৰ আন্দোলনক সম্পূৰ্ণৰূপে গুৰুত্ব দি তথা নিৰ্বাচনী ইস্তাহাৰৰ কথা উল্লেখ কৰি যি সুবিধা দিয়াৰ কথা জনালে সেয়া সচাঁকৈয়ে আদৰণীয়।

লগতে পঢ়ক– ৰাজ্যৰ টেট-ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকলৈ গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ

তেওঁ কয়বিগত বছৰসমূহত টেট্ শিক্ষকসকলে অতি কষ্টৰে শিক্ষকতা কৰাৰ পাছতো চাকৰিৰ অনিশ্চয়তাৰ বাবে শংকাত ভুগিছিল। উপায়হীন হৈ আন্দোলনৰ পথ ল’বলগীয়া হৈছিল শিক্ষকসকলে।

তেওঁ লগতে কয়শিক্ষক সকলৰ নিয়মীয়াকৰণৰ পথ মুকলি হৈছে। এই সুবিধাসমূহ লাভ কৰাৰ লগে লগে চাকৰিটো প্ৰায় নিয়মীয়াকৰণ হৈ পৰিব। অৱশ্যে এনপিএচ, চাৰ্ভিচ বুক অথবা ডুৱেল কেডাৰ ভংগৰ দৰে কিছু সমস্যা ৰৈ যাব। সেয়াও নিশ্চয় আগন্তুক সময়ত আলোচনাৰ মাজেৰে সমাধান কৰিব পৰা যাব।”

আনহাতে, শিক্ষক সমাজে বিগত সময়বোৰত সকলো সংকটৰ মাজতো একতাৰ মাজেৰে নিজৰ প্ৰাপ্যৰ বাবে দি অহা যুঁজৰ বাবে সম্পাদকজনে সকলো শিক্ষকক ধন্যবাদ জ্ঞাপন কৰে।