NORTHEAST NOW (Assamese)
অসম

হেলিকপ্টাৰ কেলেংকাৰীত চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ অনুমতি বিচাৰিছে চিবিআইয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 8:26 am
CBI-750x375

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)য়ে ৩,৬০০কোটি টকীয়া ভিভিআইপি হেলিকপ্টাৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পাঁচগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ অনুমতি বিচাৰিছে।

ইয়াৰ ভিতৰত চাৰিগৰাকী জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়া আৰু এগৰাকী জ্যেষ্ঠ আমোলা আছে।

বাতৰি অনুসৰি, তদন্তকাৰী সংস্থাটোৱে প্ৰধানকৈ ভাৰতীয় বায়ুসেনাৰ এই মুখ্য বিষয়াসকলৰ বিৰুদ্ধে গোচৰ চলাবলৈ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা অনুমতি বিচাৰিছে।

য়ুপিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সংঘটিত হোৱা হেলিকপ্টাৰ চুক্তিত ‘মুখ্য সিদ্ধান্ত’ গ্ৰহণ কৰাৰ অভিযোগৰ লগতে ‘ক্ৰয় প্ৰক্ৰিয়া’ৰ সৈতেও এই পাঁচগৰাকী বিষয়া সক্ৰিয়ভাৱে জড়িত আছিল।

সংস্থাটোৱে এই পাঁচগৰাকী বিষয়াৰ জড়িত থকাৰ প্ৰাসংগিক প্ৰমানসমূহ সংগ্ৰহ কৰিছে।

গোচৰৰ বাবে অনুমতি বিচাৰি অপেক্ষা কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয় তথা পাৰ্ছনেল আৰু ট্ৰেইনিং বিভাগৰ পৰা গোচৰ তৰাৰ অনুমতি বা প্ৰত্যাখ্যানৰ পাছতে সংস্থাটোৱে পৰিপূৰক ছাৰ্জশ্বীট দাখিল কৰিব।