NORTHEAST NOW (Assamese)
অসম

বিগত দুসপ্তাহত হাইদৰাবাদত ৭৯ গৰাকী চৰকাৰী চিকিৎসক কোভিড-১৯ পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 5:09 pm
1586435761_ppe new

নিজাম ইষ্টিটিউট অফ মেডিকেল চায়েঞ্চ(এনআইএমএছ)ৰ আবাসী চিকিৎসক সংস্থাৰ সভাপতি ড০ জি শ্ৰীনিবাসনে হাইদৰাবাদত বিগত দুসপ্তাহত ৭৯ গৰাকী চৰকাৰী চিকিৎসক ক’ৰ’নাত আক্ৰান্ত হৈছে বুলি উল্লেখ কৰে।

বিগত দুসপ্তাহত হাইদৰাবাদত ক’ৰ’নাত আক্ৰান্ত হোৱা ৭৯ গৰাকী চৰকাৰী চিকিৎসকৰ ভিতৰত ওছমানিয়া মেডিকেল কলেজৰ ৪৯ গৰাকী চিকিৎসক, এন আই এম এছৰ ২৬ গৰাকী চিকিৎসক আৰু গান্ধী মেডিকেল কলেজৰ ৪ গৰাকী চিকিৎসক।

আনহাতে, শ্ৰীনিবাসনে চিকিৎসকৰ উপৰিও ভালেসংখ্যক নাৰ্ছ, লেব টেকনিছিয়ানকে ধৰি চিকিৎসাকৰ্মী ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি ভয়ংকৰ তথ্য দাঙি ধৰিছে।

শ্ৰীনিবাসনে ৰাজহুৱাভাৱে এই কথা প্ৰকাশ কৰাৰ পাছতে হাইদৰাবাদৰ চিকিৎসা বিভাগত আতংকৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে ক’ৰ’নাৰ বিৰুদ্ধে চলি থকা যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল যাতে যিকোনো কাৰণতে ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হ’ব নোৱাৰে সেই সম্পৰ্কে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল।

হাইদৰাবাদৰ উপৰিও দিল্লী, মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক চিকিৎসা কৰ্মী ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে।