NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীত অহা দুই সপ্তাহত ৫৬ হাজাৰলৈ বৃদ্ধি হ’ব পাৰে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : সত্যেন্দ্ৰ জৈন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 6:15 pm
1586435761_ppe new

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত অহা দুই সপ্তাহৰ ভিতৰত ক’ৰ’না পজিটিভৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বৰ্তমান দিল্লীত ক’ৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ২৯ হাজাৰ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে আজি এই সন্দৰ্ভত কয় যে অহা দুই সপ্তাহত দিল্লীত ক’ৰ’না ভাইৰাছৰ সংখ্যা ৫৬ হাজাৰলৈ বৃদ্ধি পাব পাৰে।

তেওঁ লগতে কয় যে বৰ্তমান ক’ৰ’না আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসালয়ত ৮৫০০-৯০০০ বিচনা উপলব্ধ আছে। আগন্তুক ১৫ দিনত বিচনাৰ সংখ্যা ১৫০০০ ৰ পৰা ১৭০০০ লৈ বৃদ্ধি পাব।

‘দিল্লীত ১৪-১৫ দিনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা দুগুণে বৃদ্ধি পাই আছে। সেয়ে অহা ১৫ দিনত এই সংখ্যা ৫৬ হাজাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে’ বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

জৈনে ক’ৰ’না আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি পাই থকা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰি কয় যে যদি সময় থাকোতেই কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিলে হয় তেন্তে পৰিস্থিতিৰ ইমান অৱনতি নঘটে।

উল্লেখ্য যে এই পৰ্যন্ত দিল্লীত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৮৯৩৬ গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে ৮১২ গৰাকী লোকৰ মৃত্যু হৈছে।