NORTHEAST NOW (Assamese)
অসম

জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আৱেদন আৰম্ভ

Posted by: কাজি জেইদুল ইছলাম  November 10, 2018 6:57 am
banner1

শুকুৰবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত হোৱা এক বিশেষ বৈঠকত বিশ্বনাথ চাৰিআলিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ আগন্তক শিক্ষা বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰা হয়।

আলোচনাৰ অন্তত জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথৰ অধ্যক্ষগৰাকীয়ে জনোৱা অনুসৰি পৰৱৰ্তী শিক্ষাবৰ্ষৰ বাবে এই বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আৱেদন প্ৰক্ৰিয়া অহা ৩০ নৱেম্বৰলৈকে চলিব। ছাত্ৰ-ছাত্ৰীসকলে www.jnvsonitpur.in আৰু www.navodaya.gov.in ৱেবছাইটৰ জৰিয়তে আৱেদন কৰিব পাৰিব।

উপাযুক্ত ধীৰাজ জ্যোতি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) প্ৰদীপ কুমাৰ সূত্ৰধৰ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল, বিশ্বনাথৰ বিভিন্ন এম ভি আৰু এম ই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগতে জৱাহৰ বিদ্যালয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

এই নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰাৰ লগতে কমেও ২০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে আৱেদন কৰে সেয়া নিশ্চিত কৰিবলৈ উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে আহ্বান জনায়।