NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত একেলগে ক’ৰ’না মুক্ত ১১৯ গৰাকী; মুঠ আৰোগ্য লাভৰ সংখ্যা ৭৮৪ গৰাকীলৈ বৃদ্ধি

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া June 9, 2020 1:55 am
COVID-19: Barpeta's FAAMCH to take patients from today

ৰাজ্যবাসীৰ বাবে বৃহৎ সুখবৰ, প্ৰথমবাৰৰ বাবে অসমত একেলগে ১১৯ গৰাকী ব্যক্তিক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হয়।

সোমবাৰে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ৰ’না আক্ৰান্ত ১১৯ গৰাকী ব্যক্তিক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত বুলি ঘোষণাৰে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

একেলগে ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা ১১৯ গৰাকী ব্যক্তিৰ ভিতৰত গোলাঘাট জিলা চিকিৎসালয়ৰ ৪৫ গৰাকী, যোৰহাট মেডিকেল কলেজ হাস্পাতালৰ ২৬ গৰাকী, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতালৰ ১৫ গৰাকী, কোকৰাঝাৰ জিলা চিকিৎসালয়ৰ ১০ গৰাকী, টি এম চি এইচৰ ৯ গৰাকী, তিনিচুকীয়া জিলা চিকিৎসালয়ৰ ৬ গৰাকী, গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ ৪ গৰাকী, বঙাইগাঁও জিলা হাস্পাতালৰ ২ গৰাকী আৰু ডিফু মেডিকেল কলেজ হাস্পাতালৰ ২ গৰাকী।

ইয়াৰ লগে লগে ৰাজ্যত বৰ্তমানলৈ ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭৮৪ গৰাকীলৈ বৃদ্ধি পালে।

সোমবাৰে ৰাজ্যত মুঠ ১৪৮ গৰাকী ব্যক্তিয়ে ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা স্বগৃহলৈ উভতি যায়।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

বৰ্তমান ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ১৯৮৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত অসমত এতিয়ালৈ পাঁচগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।