NORTHEAST NOW (Assamese)
অসম

মুম্বাই আৰক্ষীত ক’ৰ’নাৰ সংহাৰ; এই পৰ্যন্ত ১৯০৮ গৰাকী কৰ্মী আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 2:46 pm

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ হাৰত বৃদ্ধি পাই আছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

দেশৰ ৰাজ্য সমূহৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত। ক’ৰ’নাত আক্ৰান্ত হোৱা আৰক্ষী লোকৰ ক্ষেত্ৰতো শীৰ্ষত আছে মহাৰাষ্ট্ৰ।

ৰাজ্যখনত এই পৰ্যন্ত ১৯০৮ গৰাকী আৰক্ষী কৰ্মী এই মহামাৰী ভাইৰাছবিধত আক্ৰান্ত হৈছে। ইয়াৰে ৯০৫ গৰাকী আৰক্ষী কৰ্মী সুস্থ হৈ উঠিছে আৰু ২১ গৰাকী কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ উপৰি ক’ৰ’নাত আক্ৰান্ত হৈছে ষ্টেট ৰিজাৰ্ভ পুলিচ ফ’ৰ্চৰ ৮২ গৰাকী কৰ্মী।

উল্লেখ্য যে ক’ৰ’না আক্ৰান্তৰ দিশৰ পৰা মহাৰাষ্ট্ৰই চেৰ পেলালে ভাইৰাছবিধৰ উৎপত্তি স্থল চীনক। ৰাজ্যখনত এই পৰ্যন্ত ৮৮,৫৮৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩১৬৯ গৰাকী লোকৰ।

মহাৰাষ্ট্ৰৰ বাবে ভাল খবৰ এইটোৱেই যে ৪০,৯৭৫ গৰাকী লোক ক’ৰ’নাৰ পৰা মুক্ত হৈছে।

ইফালে দেশজুৰি ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২,৭৬,৫৮৩ লৈ বৃদ্ধি পালে। ইয়াৰে ৭৭৪৫ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ১,৩৫,২০৬ গৰাকী লোক সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে।