NORTHEAST NOW (Assamese)
অসম

ডিজিটেল প্ৰতিবাদলৈ ভয়!, পুনৰ ২৪ ঘণ্টালৈ বৃদ্ধি ইণ্টাৰনেট সেৱা বন্ধৰ ম্যাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 9:30 am

ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা বিজেপি চৰকাৰৰ ডিজিটেল প্ৰতিবাদলৈ ভয়। পুনৰ ২৪ ঘণ্টাৰ বাবে বৃদ্ধি কৰিলে ইণ্টাৰনেট সেৱাৰ বন্ধৰ ম্যাদ। মঙলবাৰ অৰ্থাৎ ১৭ ডিচেম্বৰৰ সন্ধিয়া ৭ বজালৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা।

পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব আইনৰ বিৰোধিতাৰে অসমত চলি থকা তীব্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অসমত প্ৰথম অৱস্থাত ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল।

পিছত পুনৰ প্ৰশাসনে ১৬ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আজি আকৌ ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰে।

উল্লেখযোগ্য যে চৰকাৰে অসমত নাগৰিকত্ব আইন বিৰোধী আন্দোলনক দমন কৰাৰ উদ্দেশে ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে যাতে অসমৰ প্ৰতিবাদী কণ্ঠ বাহিৰলৈ যাব নোৱাৰে।