NORTHEAST NOW (Assamese)
Popular Stories

অসমত ষষ্ঠগৰাকী কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 10, 2020 6:58 pm

কোভিড-১৯ আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পালে।

আজি তেজপুৰ মেডিকেল কলেজত কমল কৃষ্ণ পাল নামৰ কোভিড আক্ৰান্ত লোকজনে মৃত্যুক আঁকোৱালি লয়।

কেন্সাৰ ৰোগত আক্ৰান্ত লোকজন মুম্বাইত চিকিৎসাধীন হৈ আছিল। তাৰ পিছত বিমানযোগে আহি যোৱা ২৯ মে’ত তেজপুৰত উপস্থিত হৈছিল লোকজন।

যোৱা ৩১ মে’ত স্বাব টেষ্টত কোভিড-১৯ পজিটিভ ধৰা পৰাত লোকজন তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে আজি বিয়লিভাগত তেওঁ মৃত্যুক আঁকোৱালি লয়।

নিহত লোকজনৰ ঘৰ তেজপুৰ চহৰৰ ১৩ নং ৱাৰ্ডৰ নতুনপাৰাত বুলি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সংবাদমাধ্যমক জানিবলৈ দিয়ে।

তেওঁৰ সৎকাৰৰ দায়িত্ব পৰিয়ালৰ লোকে গ্ৰহণ কৰিছে আৰু ৰাজহ বিষয়া আৰু প্ৰশাসনৰ লোকৰ উপস্থিতিত তেওঁৰ অন্তিম সৎকাৰ কৰা হ’ব বুলি চিকিৎসালয় কতৃপক্ষই জনায়।

পালৰ পত্নী ভাৰতী পালো কোভিড-১৯ পজিটিভত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বৰ্তমানলৈকে ১৯৮৭ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ১০৯৭ গৰাকী লোকে আৰোগ্য লাভ কৰিছে।