NORTHEAST NOW (Assamese)
অসম

এন আই আৰ এফ ইণ্ডিয়া ৰেংকিঙছ ২০২০ : সপ্তম স্থানত আই আই টি গুৱাহাটী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 9:52 pm

বৃহস্পতিবাৰে প্ৰকাশ পোৱা ২০২০ বৰ্ষৰ এন আই আৰ এফ ইণ্ডিয়া ৰেংকিঙত আই আই টি গুৱাহাটীয়ে অভিযান্ত্ৰিক আৰু সকলো শাখা সামৰি দেশত ভিতৰত সপ্তম স্থান অধিকাৰ কৰে।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে ৯ টা ভিন ভিন শাখাত শীৰ্ষৰ তিনিটা স্থান অধিকাৰ কৰা শিক্ষানুষ্ঠান সমূহৰ নাম আৰু এন আই এফ আৰ-২০২০ ৰেংকিঙৰ তালিকা প্ৰকাশ কৰে।

চলিত বৰ্ষত দন্তব্য বিদ্যাৰ শাখাকো অন্তৰ্ভূক্ত কৰা হৈছে।

আই আই টি মাড্ৰাছে সকলো শাখাৰ ৰেংকিঙত শীৰ্ষস্থান অক্ষুন্ন ৰখাৰ বিপৰীতে ইণ্ডিয়ান ইষ্টিটিউট অফ চায়েঞ্চ, বাংগালুৰুই বিশ্ববিদ্যালয়ৰ তালিকাত শীৰ্ষস্থান দখল কৰে।

আই আই এম আহমেদাবাদে ব্যৱস্থাপনা শাখাত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে এ আই আই এম এছ চিকিৎসা বিজ্ঞান শাখাৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে।

আনহাতে, মিৰান্দা কলেজে দেশৰ কলেজ সমূহৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে।

সকলো শাখাক ধৰি ক্ৰমে আই আই টি মাড্ৰাছ, আই আই এছ চি বাংগালুৰু আৰু আই আই টি দিল্লীয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে।