NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূব কয়লাক্ষেত্ৰ বন্ধৰ কোনো চক্ৰান্ত সহ্য কৰা নহ’ব

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 12, 2020 7:09 pm
Mass protest in Margherita over CIL's decision to suspend mining operations in Northeastern coalfields

আজি মাৰ্ঘেৰিটাৰ খেলপথাৰত হাজাৰ হাজাৰ লোক সমবেত হৈ সমস্বৰে ক’লে উত্তৰ-পূব কয়লাক্ষেত্ৰ বন্ধৰ কোনো চক্ৰান্ত সহ্য কৰা নহ’ব৷

পাছত মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰৰ পৰা উত্তৰ-পূব কয়লাক্ষেত্ৰৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়লৈ গৈ বিভিন্ন প্ৰতিবাদী সমিতি, দল-সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰে৷

আজি লিডু, মাৰ্ঘেৰিটা, জাগুন আদি অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ সকলো বন্ধ কৰি ব্যৱসায়ী, কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ শ্ৰমিক-কৰ্মচাৰী তথা বহুসংখ্যক সচেতন ৰাইজ এই কৰ’না মহামাৰীৰ সময়তো সদলবলে ওলাই আহি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি উত্তৰ-পূব কয়লাক্ষেত্ৰ বন্ধৰ কোনো সিদ্ধান্ত মানি লোৱা নহ’ব, চেভ নৰ্থ ইষ্টান ক’ল ফিল্ডচ চেভ মাৰ্ঘেৰিটা আদি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে৷

লগতে পঢ়ক–  ক’ল ইণ্ডিয়া লিমিটেডৰ নিৰ্দেশৰ পিছতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ গণ আন্দোলনৰ হুংকাৰ

মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো বন্ধ কৰাৰ কোনো সিদ্ধান্ত মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিলে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰি বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাই গীতেৰে মাৰ্ঘেৰিটাবাসীৰ কাষত কথা উল্লেখ কৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোকলৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায়৷

প্ৰণৱ প্ৰিয়াংকুশ গগৈয়ে আঁ‌ত ধৰা সভাখনত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদাত্ত ভাষণেৰে পৰিবেশ উত্তাল কৰি তোলে৷

তেওঁ কয় ৪০বছৰে অবাধ মুক্ত খননৰে কয়লা আহৰণ প্ৰক্ৰিয়া চলি অহাৰ পাছত আজি কিয় প্ৰতিবাদৰ নামত উদ্যোগটোৰ অচলাৱস্থা সৃষ্টি কৰিলে বুলি প্ৰশ্ন কৰি ইয়াৰ উত্তৰ কোনে দিব বুলি কয়৷

ব্যক্তিগতকৰণ বা এই কয়লা উদ্যোগটো বন্ধৰ কোনো ষড়যন্ত্ৰ মাৰ্ঘেৰিটাবাসীয়ে মানি নলই বুলি প্ৰকাশ কৰি এই উদ্যোগটো বন্ধ হ’লে আটাইতকৈ ক্ষতিগ্ৰস্ত সাধাৰণ লোক হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷

বছৰ বছৰ ধৰি চলি অহা চোৰাং কয়লা বন্ধ হওক তাত কাৰো আপত্তি নাই, কিন্তু জাতীয় উদ্যোগটোলৈ অহা কোনো ভাবুকি মাৰ্ঘেৰিটাবাসীয়ে সহ্য নকৰে বুলি নেওগে ভাষণত উল্লেখ কৰে৷

সভাখনত আলোচনাপন্থী আলফা নেতা জিতেন দত্ত, শ্ৰমিক নেতা ভাৰতভূষণ বৰঠাকুৰ, পথাৰশিল্পী লোহিত গগৈ, সমাজসেৱক প্ৰদীপ মহন্ত, অশ্বিনী গগৈ, পল্লৱ শ্যাম বাইলুং আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য দাঙি ধৰে৷

ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ-পূব কয়লাক্ষেত্ৰ ক্ৰমাৎ বন্ধৰ দিশে গতি কৰিছে৷

উৎপাদন কাৰ্য বন্ধ কৰি দিয়াৰ পাছতে উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাত কৰ্মৰত কৰ্মচাৰীলৈ জাননী জাৰি কৰা হৈছে৷

২০ জুনৰ ভিতৰত দেশৰ অন্য কয়লাক্ষেত্ৰলৈ বদলিৰ বাবে কৰ্মচাৰীসকলক আবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে৷

ইয়াৰ লগে লগে সমগ্ৰ মাৰ্ঘেৰিটাতে জনসাধাৰণৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া৷

দিহিং-পাটকাইত কয়লা খননক লৈ চলিত বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন বাতিলৰ নিৰ্দেশ দিছে।

উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকে এই সন্দৰ্ভত ৩ জুনত এক নিৰ্দেশ জাৰি কৰিছে।

লগতে পঢ়ক–  উঃপূঃ কয়লাক্ষেত্ৰত সকলো খনন বাতিলৰ নিৰ্দেশ ক’ল ইণ্ডিয়া লিমিটেডৰ

“উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদনমৰ্মে উত্তৰ-পূব কয়লাক্ষেত্ৰ, ক’ল ইণ্ডিয়া লিমিটেড, মাৰ্ঘেৰিটাৰ সকলো খনন অভিযান জুন ৩,২০২০ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ইয়াৰদ্বাৰা সাময়িকভাৱে বাতিল কৰা হৈছে,” নিৰ্দেশটোত কোৱা হৈছে।

নিৰ্দেশটোত লগতে কোৱা হৈছে যে ইতিমধ্যে মজুত কয়লা সম্পূৰ্ণৰূপে শেষ নোহোৱা পৰ্য্যন্ত বৰ্তমানে মজুত কয়লাৰ পৰিসমাপন (liquidation) চলি থাকিব।