NORTHEAST NOW (Assamese)
অসম

চাৰি হাজাৰৰ দিশে অসমত ক’ভিড আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 11:58 pm
COVID-10 positive cases reach 3900 in Assam

১৮২গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত শনিবাৰে মুঠ আক্ৰান্ত ৩৯০০লৈ বৃদ্ধি পাইছে।

শনিবাৰৰ দিনটোত চিনাক্ত হৈছে মুঠ ২০৭গৰাকী ক’ভিড-১৯ পজিটিভ ব্যক্তি।

বিপৰীতে শনিবাৰৰ দিনটোত এইপৰ্য্যন্ত ২২১গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।


অসমত এতিয়ালৈকে ১৮০৫গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ২০৮৪গৰাকী।

আঠগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকীক স্থানান্তৰিত কৰা হৈছে।