NORTHEAST NOW (Assamese)
অসম

মণিপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; ৬৫ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 3:40 pm

আজি মণিপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।

আজি ঘোষিত মণিপুৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ মুঠ পৰীক্ষাৰ্থীৰ ৬৫ শতাংশ উত্তীৰ্ণ হয়।

মণিপুৰৰ শিক্ষা মন্ত্ৰী ড০ থক্ক’ম ৰাধেশ্ব্যাম সিঙৰ লগতে বি অ’ এছ ই এমৰ বিষয়া সকলে ইম্ফলৰ এক প্ৰেক্ষাগৃহত পৰীক্ষাৰ ফলাফল সূচী মুকলি কৰি আনুষ্ঠানিকভাৱে পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।

মণিপুৰৰ ছাত্ৰ-ছাত্ৰী সকলে www.bosem.in আৰু www.manresults.nic.in ৱেবচাইটৰ জৰিয়তে পৰীক্ষাৰ ফলাফল সমূহ লাভ কৰিছে।

চলিত শিক্ষাবৰ্ষত মণিপুৰত মুঠ ৩৮,৩৯০ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত মুঠ ২৫,০৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়।

বিগত বৰ্ষত মণিপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভিলেখ সংখ্যক ৭৪ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল।

চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পিতাম্বৰ ইংলিছ স্কুল ইম্ফলৰ ৰেচমি এনে ৬০০ নম্বৰৰ ভিতৰত মুঠ ৫৭৯ নম্বৰ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰে।

আনহাতে, নামব’লৰ চেইণ্ট জনছ স্কুলৰ এইছ ৰোহিদ সিঙে ৫৭৮ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত কিছু পলম কৈ মণিপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।