NORTHEAST NOW (Assamese)
অসম

পাঁচগৰাকী চীনা সৈন্যৰ মৃত্যু; ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে সীমা অতিক্ৰম কৰি ভাৰতীয় সৈন্য বাহিনীয়ে খেদি যোৱাৰ অভিযোগ চীনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 3:23 pm

লাডাখত ভাৰত আৰু চীনৰ সৈন্য বাহিনীৰ মাজত সংঘটিত হিংসাত্মক আক্ৰমণ-প্ৰত্যাক্ৰমণত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী বিষয়াকে ধৰি দুজন জোৱান শ্বহীদ হোৱাৰ পাছত ভাৰতীয় সেনা বাহিনীয়ে সীমান্ত অতিক্ৰম কৰি বুলি অভিযোগ উত্থাপন কৰিছে চীনা সৈন্যই।

ভাৰতীয় সেনা বাহিনীয়ে সীমান্ত অতিক্ৰম কৰা বুলি অভিযোগ উত্থাপন কৰি চীনে ভাৰতক সমস্যা অধিক জটিল কৰিব পৰা ধৰণে একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ অনুৰোধ কৰে।

আনহাতে, চীনৰ চৰকাৰী সংবাদপত্ৰ গ্লোবেল টাইমছত উল্লেখিত বাতৰি অনুসৰি লাডাখৰ গলৱান ঘাটিত ভাৰত-চীনৰ সংঘৰ্ষত ভাৰতীয় সৈন্যৰ হাতত পাঁচজন চীনা সৈন্যৰ মৃত্যু হোৱাৰ লগতে এঘাৰ গৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে।

উল্লেখযোগ্য যে, লাডাখত ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে পৰিস্থিতি অধিক অৱনতিৰ আশংকাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীপ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিছে।

এই বৈঠকতে ভাৰতৰ চীনক লৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিৰ্ণয় কৰা হ’ব বুলি জানিব পৰা গৈছে।