NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয়ৰ পৰা আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিক; ঘোষণা শিক্ষামন্ত্ৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 16, 2020 4:47 pm
index

ৰাজ্যৰ তিনিখন বিশ্ববিদ্যালয় ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা বৰ্তমান ক’ৰ’নাতংকৰ পৰিস্থিতিৰ বাবে আঁতৰোৱা নহয় উচ্চতৰ মাধ্যমিক শ্ৰেণী।

এই তিনিখন বিশ্ববিদ্যালয়ত চলিত বৰ্ষত বিশেষ ব্যৱস্থা হিচাপে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত নামভৰ্তিৰ নিৰ্দেশ দিয়া হৈছে ৷

টুইটাৰযোগে এই কথা জনাইছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

“কোভিড-১৯ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই বিশেষ ব্যৱস্থা কৰা হৈছে ৷” টুইটাৰত উল্লেখ শিক্ষা মন্ত্ৰীগৰাকীৰ।

উল্লেখযোগ্য যে, উপৰোক্ত তিনিখন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখা আঁতৰাই দিয়া বুলি ঘোষণা কৰাত ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল।

বিশেষকৈ বহু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা নথকাত সমস্যাৰ সন্মুখীন হৈছিল।

ইতিমধ্যে নাৰায়ণপুৰৰ মৃগাংক দত্ত নামৰ এজন যুৱ সাংবাদিকে এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আঁতৰাই দিয়াত উক্ত অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা নথকাত ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল।

সেই কথা অৱগত কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰিবলৈ আহ্বান জনাইছিল শিক্ষা মন্ত্ৰীক।