NORTHEAST NOW (Assamese)
অসম

বৰহোলা কাণ্ডত নিহত যুৱকজনৰ আলফা(স্বা)ৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই; আলফা(স্বা)ৰ স্পষ্টীকৰণ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 16, 2020 9:34 pm

বৰহোলা থানাৰ অন্তৰ্গত বালিজান গাভৰু আলিৰ জয়ন্ত বৰা নামৰ ২৩ বছৰীয়া যুৱজনৰ আলফা(স্বা)ৰ সৈতে যোগসূত্ৰ থকা বুলি সেনা-আৰক্ষীয়ে চলোৱা প্ৰচাৰক সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিছে আলফা স্বাধীনে।

আজি এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৱে এই কথা উল্লেখ কৰে।

আৰক্ষী আৰু সেনা বাহিনীৰ বাবে এনে অপপ্ৰচাৰ কোনো নতুন কথা নহয় বুলি বিবৃতিটো আলফা স্বাধীনে উল্লেখ কৰি ক’ৰ’না মহামাৰীৰ পূৰ্বৰ পৰা ৰাষ্ট্ৰযন্ত্ৰৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ওপৰত ভৰ দি নিৰীহ যুৱকৰ ঘৰত পৰিকল্পিতভাৱে অস্ত্ৰ-শস্ত্ৰ, বিভিন্ন বোমা-বাৰুদ ৰাখি আলফা(স্বা)ৰ সদস্য সজায় জেইললৈ প্ৰেৰণ কৰি আহিছে বুলি উগ্ৰপন্থী সংগঠনটোৱে অভিযোগ কৰে।

ভাৰত চৰকাৰৰ ক’লা আইনৰ সুযোগ লৈ অসমত সন্দেহৰ বশৱৰ্তী হৈ বহু নিৰপৰাধী লোকৰ ওপৰত অত্যাচাৰ চলোৱাই নহয় হাজাৰ হাজাৰ থলগিৰি সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতীকো সেনা-আৰক্ষীয়ে হত্যা কৰিছে বুলি আলফা স্বাধীনে অভিযোগ কৰে।

আনহাতে, সংবাদ বিবৃতিটোত আলফা স্বাধীনে ‘কা’ আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি এই আন্দোলনত পাঁচজনকৈ নিৰীহ যুৱকক হত্যা কৰা হ’ল ইয়াৰ বিচাৰ হ’বনে বুলিও প্ৰশ্ন কৰে।

আলফাই অসমৰ খিলঞ্জীয়া সন্তান সেনা-আৰক্ষীৰ হাতত মৃত্যু হ’বলগীয়া হোৱা ঘটনাক তীব্ৰ কটাক্ষ কৰি এতিয়া গণতন্ত্ৰ ৰাজনৈতিক নেতাৰ হাতৰ মুঠিত বুলি সমালোচনা কৰে।