NORTHEAST NOW (Assamese)
অসম

ক্লাছমেটে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2020 12:45 pm

ক’ৰ’নাতংকৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ যোৱা তিনিমাহ ধৰি বন্ধ হৈ আছে।

এই বন্ধৰ সময়তে ক্লাছমেটে আয়োজন কৰা অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষাৰ্থীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে এই অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে ক্লাছমেটে।

ঘোষিত ফলাফল অনুসৰি ‘ক’ শাখাত শ্ৰীমন্ত শংকৰ একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতীম ভাগৱতীয়ে প্ৰথম, তৃতীয় শ্ৰেণীৰ ছাত্ৰী প্ৰতিষ্ঠা ডেকাই দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আশীষ কাশ্যপ গগৈয়ে তৃতীয় স্থান লাভ কৰিছে।

আনহাতে ‘খ’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে শ্ৰীমন্ত শংকৰ একাডেমীৰে শিক্ষাৰ্থী ক্ৰমে মেঘনা দাস(সপ্তম শ্ৰেণী), অনুস্মৃতা অত্ৰী(পঞ্চম শ্ৰেণী) আৰু ধ্ৰুৱ কিশোৰ দাসে(ষষ্ঠ শ্ৰেণী)।

এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকল ক্লাছমেটৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে বুলি জনাইছে ক্লাছমেটে।

ক’ৰ’নাতংকৰ বাবে দেশত শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ সময়তে ক্লাছমেটে সৰ্বভাৰতীয় পৰ্যায়ত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিব।

শ্ৰীমন্ত শংকৰ একাডেমীৰ এই বিজয়ী প্ৰতিযোগীসকলে উক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ বাবে বন্ধ থকা শ্ৰীমন্ত শংকৰ একাডেমীয়ে সকলো শিক্ষাৰ্থীৰ সৈতে যোগাযোগ ৰক্ষাৰ কৰাৰ লগতে শিক্ষাৰ্থীসকলক অনলাইন যোগে শিক্ষা প্ৰদান কৰি আহিছে।