NORTHEAST NOW (Assamese)
অসম

‘আমাৰ প্ৰয়াস গোষ্ঠী’ৰ উদ্যোগত বোকাখাতত বান ব্যৱস্থাপনা সম্পর্কত দুদিনীয়া কৰ্মশালাৰ সামৰণি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 18, 2020 2:12 pm
IMG-20200618-WA0008~2

অসম চৰকাৰৰ বানপানী আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ অসমে বেচৰকাৰী সংগঠন আমাৰ প্রয়াস গােষ্ঠীৰ সহযােগত কাজিৰঙাৰ ২৫ খন গাঁও সামৰি বান ব্যৱস্থাপনাৰ আন্তঃগাঠনিৰ কাম-কাজ দীৰ্ঘ দিন ধৰি চলাই আছে।

ইয়াৰ দ্বাৰা কাজিৰঙাৰ কাষৰীয় ৰাইজ উপকৃত হ’ব বুলি জনাইছে অসম চৰকাৰৰ বানপানী আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণে।

বানপানীৰ ক্ষতি হ্রাসকৰণ আৰু বানপানীৰ দুর্যোগ মােকাবিলা কৰিবলৈ সক্ষম এখন সৱল সমাজ গঠনৰ উদেশ্য আগত ৰাখি ২৫ খন গাঁৱৰ  স্বেচ্ছাসেৱক আৰু বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীৰ কর্মীসকলৰ এক দুদিনীয়া কৰ্মশালা বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়।

১৬ জুনৰ পৰা আৰম্ভ হোৱা দুদিনীয়া এই কাৰ্মশালাৰ উদ্বোধন কৰে গােলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰে।

কৰ্মশালাত সমল ব্যক্তি ৰূপে প্রশিক্ষণ দিয়ে ‘ফেমা’ৰ ক্ষেত্র বিশেষজ্ঞ লক্ষ্মীপ্রসাদ বৰঠাকুৰ, জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ জিলা প্রকল্প বিষয়া ৰণী ৰাজকুমাৰ আৰু ‘ফেমা’ৰ সামাজিক সুৰক্ষা বিশেষজ্ঞ অভিষেক পালে।

১৭ জুনত দুদিনীয়া প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত বােকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, জলসম্পদ বিভাগৰ বিপুল দাস, ‘ফেমা’ৰ ক্ষেত্র বিষয়া পল্লবী মোডী, জিলা দুর্যোগ উপশম প্রাধিকৰণৰ বোকাখাত ক্ষেত্ৰ বিষয়া পার্থপ্রতিম বৰা উপস্থিত থাকে।

দুদিনীয়া এই কৰ্মশালাৰ সামৰণিত ৰাজ্যিক পর্যায়ৰ বেচৰকাৰী সংস্থাটোৰ অধ্যক্ষ আনোৱাৰ হোছেইনে কয় যে বানাক্ৰান্ত ৰাইজৰ দ্বাৰাই বানৰ সৈতে যুঁজিবৰ বাবে জনসাধাৰণক সাঁজু কৰাতোয়েই আমাৰ উদেশ্য৷