NORTHEAST NOW (Assamese)
অসম

ঘৰে-ঘৰে পাচলি বিক্ৰী কৰি ঘৰ চলাইছে শিৱসাগৰৰ পিতৃহীন ৮ বছৰীয়া পৰশমণিয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 18, 2020 8:16 pm
This boy from Sivasagar needs your help

পিতৃহীন এটি কণমানিৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী; পখিলা খেদা বয়সত ঘৰে-ঘৰে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল চলাইছে।

“দেউতা ঢুকালে। দেউতাক মানুহে মাৰি পেলালে,” কণমানি পৰশমণি দত্তৰ এই কথাষাৰে হয়টো আপোনাৰ মোৰ অন্তৰ চুই যাব।

পিতৃহীন এই কণমানিটোৱে মাত্ৰ ৮ বছৰ বয়সতেই ঘৰৰ সমস্ত দায়িত্ব ল’বলগীয়া হৈছে। বাৰীত কোৰ মাৰি খেতি কৰি শাক-পাচলি লগাই সেই শাক-পাচলি বিক্ৰী কৰি মাতৃ আৰু দুই ককায়েকৰ সমস্ত দায়িত্ব কান্ধ পাতি লৈছে এই কণমানিটোৱে।

ঘৰ শিৱসাগৰৰ নামতিৰ কুকুৰাচোৱা গাঁৱত। ৮ বছৰীয়া পৰশমনিয়ে এতিয়া ৰাস্তাই ৰাস্তাই চাইকেলত পাচলি বিক্ৰী কৰি চলাই গৈছে জীৱন সংগ্ৰাম।

কুকুৰাচৰা প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা পৰশমনিয়ে বাৰীত কোৰ মৰা, পাচলি খেতি কৰা আৰু ঘৰে ঘৰে গৈ বিক্ৰী কৰাৰ সমান্তৰাল কৈ নিজৰ শিক্ষা জীৱনকো আগুৱাই নি আছে।

মাতৃ আৰু দুই ভাতৃৰ সৈতে এটি সৰু পজাত বাস কৰা পৰশমনিৰ দেউতাকক নোমল দত্ত ২০১৬ চনত এক হত্যাৰ বলি হৈছিল বুলি মন্তব্য কৰে পৰশমণি আৰু মাতৃয়ে।

তেতিয়াৰ পৰাই পৰিয়ালটোলৈ নামি আহে কাল অমানিশা। ইপিনে পৰশমনিৰ এজন ককায়েক বিশেষভাৱে সক্ষম।

লকডাউনৰ আগত পৰশমনিৰ মাতৃ ৰূপালী দত্তই বজাৰত তামোল-পাণৰ দোকান দি সন্তান তিনিটিৰ সৈতে দুখ কষ্টৰে জীৱন নিৰ্বাহ কৰিছিল যদিও লকডাউনৰ বাবে বজাৰ বন্ধ হোৱাত উপাৰ্জনৰ পথ বন্ধ হৈ পৰে।

কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা পৰশমনিৰ পৰিয়ালটোক অসম চৰকাৰ তথা বিভিন্ন দল-সংগঠন-ব্যক্তিৰ পৰা সহায় বিচাৰিছে পৰশমনি আৰু তেওঁৰ মাতৃয়ে।

যদি কোনো ব্যক্তিয়ে এই কণমানিটোৰ পৰিয়ালৰ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে পৰশমনিৰ মাতৃ ৰূপাঞ্জলি দত্তৰ ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ নামতি শাখাৰ 0730010116954 (IFSC UTBI0NAHG23) নম্বৰত আৰ্থিক সাহায্য আগবঢ়াব পাৰে।