NORTHEAST NOW (Assamese)
Popular Stories

চ্যুকাফাক চীনা আক্ৰমণকাৰী সজোৱা বঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 19, 2020 4:30 pm

বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী সজোৱা কলিকতাৰ তথাকথিত আৰু বিতৰ্কিত বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে চুকাফাৰ লগতে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু মন্তব্য কৰিছিল চেটাৰ্জীয়ে।

আনকি চীনা আক্ৰমণকাৰীৰ বাবে বিশেষ দিনৰ কিয় প্ৰয়োজন বুলি সোণোৱালক প্ৰশ্ন কৰি কটাক্ষ কৰিছিল গৰ্গে।

সেয়েহে পশ্চিমবংগৰ গৰ্গক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

পশ্চিমবংগৰ এইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ বাবে আজিয়েই মহানগৰ আৰক্ষীক কলকাতালৈ ৰাওনা হোৱাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীয়ে।

উল্লেখযোগ্য যে, গৰ্গৰ বিৰুদ্ধে কালি ডিব্ৰুগড় সদৰ থানাত ভাস্কৰ জ্যোতি গগৈ নামৰ যুৱক এজনে গোচৰ দি তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছিল।

লগতে পঢ়ক চ্যুকাফা চীনা আক্ৰমণকাৰী! অসমীয়াৰ বুকুত কামোৰাৰ সাহস কৰা কোন এই গৰ্গ চেটাৰ্জী?

ইপিনে যোৱা ১৭ জুনৰ দিনা ৯:১৪ ত অসমৰ ইতিহাসৰ বিষয়ে সম্যক জ্ঞান নথকা গৰ্গ য়ে প্ৰথমটো টুইটত লিখিছিল “ভাৰতত এখন ৰাজ্য আছে য’ত অসম বিজেপিয়ে ‘ৰাজ্য দিৱস’ৰ দিনটোত চীনা আক্ৰমণকাৰীক শ্ৰদ্ধা জনায়। যিজনে ভাৰতক চীনা সৈন্য লগত লৈ অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল। এইজন আক্ৰমণকাৰীক নায়ক সজাই ভাৰত বিৰোধী সশস্ত্ৰ সংগঠন আলফাই।‘ অসম সম্পৰ্কে সম্যক জ্ঞান নথকা তথাকথিত বুদ্ধিজীৱিগৰাকীয়ে প্ৰথম টুইটত এই দৰে লিখে।

অৱশ্যে, কিছু সময় পাছত তেওঁ এই পোষ্টটো ডিলিট কৰি তাতে ক্ষান্ত নাথাকি পুনৰ সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি এটা টুইট লিখে বিতৰ্কিত বুদ্ধিজীৱীগৰাকীয়ে।

তেওঁ লিখি কৈছিল “কি কাৰণত সৰ্বানন্দ সোণোৱালে নিয়মীয়াকৈ চীনা আক্ৰমণকাৰী আৰু তেওঁৰ সৈন্যবাহিনীৰ জন্মদিৱস উদযাপন কৰে? ঠিক সেইদৰে কিয় নিষিদ্ধ ঘোষিত সংগঠন আলফাই চীনা আক্ৰমণকাৰীসকলৰ দিৱস উদযাপন কৰে? কিয় বিজেপি চৰকাৰে ভাৰত চৰকাৰৰ ধন চীনা আক্ৰমণকাৰীৰ মূৰ্তি নিৰ্মাণ কৰাৰ নামত খৰচ কৰে?’