NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বনাথ ঘাটত অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ দাবী AJYCPৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম June 19, 2020 6:10 pm

বৃটিছ আমোলৰ দিনৰ পৰাই বিশ্বনাথ ঘাটত অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা আছিল। এই ব্যৱস্থাই অঞ্চলটোৰ যাতায়তকে ধৰি ব্যৱসায় বানিজ্য ক্ষেত্ৰলৈকে যথেষ্ট অৱদান আগবঢ়াছিল।

১৯৭০ চনত বিশ্বনাথ ঘাটৰ পৰা শিলঘাটলৈ আৰাম্ভ কৰা এই অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা ১৯৭১ চনত চৰকাৰে বন্ধ কৰি দিয়াৰ পিছত আজিলৈকে জলপথটো পুনৰ কাৰ্য্যক্ষম কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

বিশ্বনাথ ঘাটত অভ্যন্তৰীণ জল পৰিবহণ বিভাগটো বিশ্বনাথ চাৰিআলিত পুনৰ কাৰ্য্যক্ষম কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা অসমৰ জল পৰিবহণ বিভাগৰ অধক্ষলৈ বিশ্বনাথৰ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

এই জলপথটো পুনৰ কাৰ্য্যক্ষম হ’লে বিশ্বনাথ ঘাট ব্যৱসায় বানিজ্যৰ এক কেন্দ্ৰস্থল হৈ উঠিব আৰু অসমৰ পৰ্যটনৰ মানচিত্ৰত এক নতুন সংযোগ হ’ব, ইয়াৰ সমান্তৰালভাৱে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থানৰ নতুন পথ মুকলি হ’ব।

আজিৰ স্মাৰকপত্ৰ প্ৰদান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে AJYCPৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ-সভাপতিদ্বয় ক্ৰমে অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুতিয়া সম্পাদকদ্বয় ক্ৰমে বিশ্বজিৎ দাস আৰু নিহাৰ শইকীয়াই।