NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ৫০০০ অতিক্ৰম কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা; নতুনকৈ আক্ৰান্ত ১০২ গৰাকী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 20, 2020 6:24 am
COVID19-positive-1-1140x570

১০২ গৰাকী নতুনকৈ চিনাক্ত কোভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত শুকুৰবাৰে মুঠ আক্ৰান্তৰ ৫০০৬ লৈ বৃদ্ধি পাইছে।

কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

মাথোঁ ৬১% লোক ৰাজ্যত কৰ’নামুক্ত হোৱা বুলি টুইটাৰত উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে।

আক্ৰান্তসকলো সোনকালে কৰ’নামুক্ত হৈ ঘৰলৈ উভতি যাব বুলি আশা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে।

স্বাৱ টেষ্ট চলাই নিয়া বুলি তেওঁ উল্লেখ কৰিছে।

অসমত ৩০৬৬ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৯২৮ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ৯ গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰৰ দিনটোত মুঠ ২১০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে বুধবাৰৰ দিনটোত সৰ্বমুঠ ১৮৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

মঙলবাৰৰ দিনটোত মুঠ ২০১ গৰাকী লোক ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, সোমবাৰৰ দিনা অসমত মুঠ ১৯১জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

সেইদৰে, দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।