NORTHEAST NOW (Assamese)
Popular Stories

‘২১ লৈ ১০০ লক্ষ্যৰে সাজু হেঙেৰাবাৰী : বহু নতুন মুখ টিকটৰ দাবীদাৰ, বঞ্চিত হ’ব নেকি বিধায়ক!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 21, 2020 8:56 pm
27-277420_bjp-kamal-flag-bjp-symbol

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন। মাজত আছে প্ৰায় ১০ মাহ। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে কুচ-কাৱাজ আৰম্ভ কৰিছে।

সন্মুখত ১০০ আসনৰ লক্ষ্য বান্ধি লৈ এতিয়া হেঙেৰাবাৰী কাৰ্য্যালয়ত চলিছে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া।

ইতিমধ্যে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিছে যে সমষ্টিৰ পৰা ভোটাৰৰ ৰিপৰ্ট কাৰ্ড লৈ সেই ৰিপৰ্ট কাৰ্ডৰ ভিত্তিতহে পুনৰবাৰ বিধায়কজনে টিকট লাভ কৰিব।

তেনেক্ষেত্ৰত বহু জ্যেষ্ঠ কনিষ্ঠ বিধায়কৰ পাখি কটা যাব পাৰে। তেওঁলোকৰ পৰিৱৰ্তে প্ৰাৰ্থী হিচাপে থিয় হ’ব পাৰে বহুকেইখন নতুন মুখ।

ইতিমধ্য প্ৰাৰ্থীত্বৰ দাবীদাৰ হিচাপে চৰ্চিত হৈছে বহুকেইজন নতুন মুখৰ নাম। ইয়াৰ ভিতৰত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ বহুকেইজন আছে। যি প্ৰতিকূল পৰিস্থিতিতো দলটোক শুদ্ধ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংবাদ মাধ্যমত তেওঁলোকৰ বক্তব্যৰে অহৰহ চেষ্টা কৰি আহিছিল।

নাম প্ৰকাশত অনিশ্চুক বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই আমাক বহুকেইটা সমষ্টিৰ টিকটৰ দাবীদাৰ সকলৰ নাম ব্যক্ত কৰিছে।

সমষ্টি হিচাপত হাইপ্ৰফাইল হিচাপে দিচপুৰৰ কথাটোৱেই সকলোৰে মনলৈ আহে। দিশপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰাই পুনৰ দলীয় টিকট বিচৰাৰ সম্ভাৱনা আছে যদিও তেওঁ বহু সময়ত দলীয় সিদ্ধান্তৰ বিৰুদ্ধে সংবাদমাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰি আহিছিল।

যাৰ পৰিপ্ৰেক্ষিতত বৰাই টিকট লাভত কিছু পৰিমাণে হেঙাৰ সৃষ্টি হ’ব পাৰে।

অতুল বৰাৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে নতুন দুখন মুখ। এজন বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত দাস আৰু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৃগাংক বৰ্মণ।

ঠিক সেইদৰে পুব গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া।

ইপিনে, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক লৈ অসন্তুষ্ট বিজেপিৰ তৃণমূলৰ নেতা কৰ্মী। অগপৰ লগত মিত্ৰতা কৰিলেও পূৰ্ণ হেঁচা প্ৰয়োগ কৰি এই সমষ্টিত মিত্ৰজোঁট মানি লোৱা নহ’ব বুলি বিজেপি সমৰ্থকসকলে দাবী কৰা বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে।

এই সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ হিচাপে নাম উচ্চাৰিত হৈছে বিজেপিৰ উপ সভাপতি বিজয় গুপ্তা আৰু মেডিয়া বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল।

এই সমষ্টিত দেৱান ধ্ৰুৱজ্যোতি মৰলে টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰকট বুলি দাবী কৰিছে সুত্ৰটোৱে।

ইপিনে, পলাশবাৰী সমষ্টিত ছয়গাঁৱৰ প্ৰাক্তন অগপ বিধায়ক কমলা কলিতাই পলাশবাৰীত খেলিবলৈ কুজকাৱাজ কৰি আছে যদিও বিজেপিয়ে এই সমষ্টিত বিজেপিৰ নিজা প্ৰাৰ্থী থিয় কৰোৱাৰ মন।

এই সমষ্টিত টিকটৰ দাবীদাৰসমূহ ক্ৰমে প্ৰণৱ কলিতা, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমাঙ্গ ঠাকুৰীয়া আৰু প্ৰাক্তন আছু নেতা অনুপ মেধি।

তাৎপয্যপূৰ্ণভাৱে, কংগ্ৰেছৰ প্ৰতাপী বিধায়ক তথা তীৰ্য্যক ভাষণৰে সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোণাম দখল কৰা ছয়গাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰকট বুলি সুত্ৰটোৱে দাবী কৰিছে।

সুত্ৰটোৱে দাবী কৰা মতে ৰেকিবুদ্দিন আহমেদে দুই এদিনতে বিজিপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এইক্ষেত্ৰত তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল’বলৈ চেষ্টা কৰিছিলো যদিও তেওঁৰ পৰা কোনো উত্তৰ পোৱা নগ’ল।

অৱশ্যে, সমষ্টিটোত বিজেপি নেতা হিতেশ কলিতা, নিকুঞ্জ হুজুৰী আৰু মতিউৰ ৰহমানো টিকটৰ দাবীদাৰ হিচাপে আছে।

ইপিনে, পাটাছাৰকুছি সমষ্টিৰ পৰা বৰ্তমানৰ পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা টিকটৰ দাবীদাৰ বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ফণী পাঠকৰ নামো চৰ্চালৈ আহিছে।

ইপিনে, বকো সমষ্টিটো অনুসূচিত জাতিৰ সমষ্টিৰ হোৱা বাবে ইয়াত টিকটৰ দাবীদাৰ হিচাপে নিলুপম দাস পৰমী দাস থিয় দিব যদিও অগপৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস বিজেপিত যোগদান কৰিলে তেওঁ টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইয়াৰোপৰি, জালুকবাৰী সমষ্টিত বিজেপিৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰাৰ্থীত্ব আগবঢ়াব বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে। অৱশ্যে কিবা কাৰণত শৰ্মাই প্ৰতিদ্বন্দ্বিতা নকিৰলে তেওঁৰ পত্নী ৰিনিকি ভুঞা শৰ্মাইয়ো প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে, হাজো সমষ্টিৰ বৰ্তমানৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই পুনৰ সমষ্টিটোৰ পৰা টিকট বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও তেওঁৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ নিবাৰণ লহকৰ, ৰাতুল শৰ্মা, বিপুল দাস।

যদি মিত্ৰতা হয় তেন্তে কমলপুৰ সমষ্টিতো অগপৰ প্ৰাৰ্থীয়ে লাভ কৰিব।  কিন্তু উক্ত সমষ্টিৰ পৰা মন্ত্ৰী ভৱেশ কলিতা, দিগন্ত কলিতা, বেণুধৰ নাথেও প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ঠিক সেইদৰে ৰঙিয়া সমষ্টিত মন্ত্ৰী ভৱেশ কলিতাক বাদ কৰি অন্য টিকটৰ দাবীদাৰ ওলোৱা নাই বুলি সুত্ৰটোৱে দাবী কৰে।

তদুপৰি নলবাৰী সমষ্টিৰ বৰ্তমান বিজেপি বিধায়ক অশোক শৰ্মাই টিকটৰ বাবে আবেদন জনাব যদিও তেওঁক প্ৰত্যাহ্বান হিচাপে থিয় দিব জয়ন্ত মল্ল বৰুৱা আৰু বনদ্বীপ কলিতা।

ধৰ্মপুৰ সমষ্টিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক প্ৰত্যাহ্বান হিচাপে থিয় দিব বিজেপি যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মণ আৰু যুৱ নেতা ত্ৰিনয়ন বৰ্মণে।

বৰক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ বিজিপিৰ বিধায়ক নাৰায়ণ ডেকাৰ প্ৰত্যাহ্বান হ’ব পাৰে নয়ন তালুকদাৰ আৰু দীবন ডেকা।

পাটাছাৰকুছি সমষ্টি বৰ্তমান অগপ বিধায়ক পবীন্দ্ৰ ডেকাৰ হাতত আছে যদিও বিজেপি নেতা মনোজ বৰুৱাই তাৰ পৰা খেলাৰ ইচ্ছুকতা প্ৰকাশ কৰিছে বুলি সুত্ৰত প্ৰকাশ পাইছে। তেওঁৰ উপৰিও জিলা বিজেপিৰ সভাপতি ফণীধৰ পাঠকো টিকটৰ দাবীদাৰ হিচাপে প্ৰত্যাহ্বান হ’ব পাৰে।

ইয়াৰোপৰি, বৰপেটা সমষ্টি বৰ্তমান অগপ বিধায়ক গুণীন্দ্ৰ দাসৰ হাতত আছে যদিও তাত বিজেপিৰ হৈ জিলা সভাপতি শংকৰ দাস আৰু বিত্ত উন্নয়ন বিভাগৰ চেয়াৰমেন অনিল দাসে টিকট বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

তাৎপৰ্যপূৰ্ণভাৱে মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী বিজেপিৰ প্ৰাৰ্থী হিচাপে এইবাৰ অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সুত্ৰটোৱে দাবী কৰিছে।

ইতিমধ্যে, ৰেকিবুদ্দিন আহমেদ আৰু ৰূপজ্যোতিকুৰ্মী দুয়োগৰাকীয়ে বিজেপিৰ সৈতে যোগাযোগ কৰিছে বুলি সুত্ৰটোৱে দাবী কৰিছে।

কলিয়াবৰ সমষ্টিত বৰ্তমানৰ অগপ বিধায়ক তথা জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ কাম-কাজক লৈ সুখী নহয় বিজেপিৰ সমৰ্থক তথা যুৱ মৰ্চাৰ সদস্যসকল। কিয়নো মহন্তৰ বিৰুদ্ধে কেৱল অগপৰ লোকেহে বিভিন্নধৰণৰ সা-সুবিধাসমূহ লাভ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে। সেয়েহে সমষ্টিটোত নিজ দলৰ এগৰাকী বিধায়ক আশা কৰিছে বিজেপি কৰ্মীসকলে।

এইক্ষেত্ৰত টিকটৰ দাবীদাৰ হিচাপে থিয় হ’ব পাৰে বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি দিপলুৰঞ্জন শৰ্মাৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া।

ঠিক সেইদৰে চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে জিতু গোস্বামী, সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱাল আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই বিজেপি দলৰ হৈ টিকট বিচাৰিব পাৰে বুলি সুত্ৰত প্ৰকাশ পাইছে।

ইপিনে, ধিং সমষ্টি বা গোৱালপাৰা পূৱতো টিকট বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালৰ।

তদুপৰি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভস্কৰ শৰ্মাৰ প্ৰতিদ্বন্দী হিচাপে থিয় দিব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰদ্বয় ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু লক্ষ্য কোঁৱৰ। সমষ্টিটোত লক্ষ্য কোঁৱৰৰ জনপ্ৰিয়তা অধিক বাবে তেওঁ টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি সুত্ৰটোৱে প্ৰকাশ কৰে।

আনহাতে, মৰাণৰ বিধায়ক চক্ৰ গগৈৰ প্ৰতিদ্বন্দ্বী বা সমষ্টিটোত টিকটৰ দাবীদাৰ হিচাপে থিয় দিব পাৰে বিজেপিৰ মেডিয়া পেনেলিষ্ট সুভাষ দত্ত।

ঠিক সেইদৰে ডিব্ৰুগড় সমষ্টিত বিধায়ক প্ৰশান্ত ফুকনৰ উপৰিও উজ্জ্বল ফুকনেও টিকটৰ দাবীদাৰ হিচাপে থিয় দিব পাৰে।

ইয়াৰ উপৰিও এআইয়ুডিএফৰ দখলত থকা লখিমপুৰৰ নাওবৈচা সমষ্টিত বিজেপিৰ যুৱনেতা হিৰণ্য পাঠৰী টিকটৰ দাবীদাৰ সূত্ৰটোৱে জনাইছে।

এটি বাতৰিতে প্ৰতিটো সমষ্টিৰ কথা লিখাটো সম্ভৱ নহয়, সেয়েহে পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম বাকী ৰৈ যোৱা সমষ্টিৰ প্ৰসংগ।