NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: অসমত দিনটোত আক্ৰান্ত ৩৩১, মুঠ ৫৫৮৬লৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 22, 2020 12:13 am
8329 persons cured of COVID-19 in Assam

আৰু ১৯৮গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্ত দেওবাৰে ৫৫৮৬লৈ বৃদ্ধি পাইছে।

নতুনকৈ আক্ৰান্ত সকলৰ জিলা ঠাইৰ নাম উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

দিনটোত ইয়াৰ পূৰ্বে ১৩৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

ৰাজ্যখনত সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ২১৭০জন।

আনহাতে, মুঠ ৩৪০৪জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ৯জন লোকৰ মৃত্যু ঘটিছে।

দিনৰ ভাগত চিনাক্ত হোৱা সকলৰ ৭৩ গৰাকী কামৰূপ (মহানগৰ)ৰ, ৩১ গৰাকী নগাঁৱৰ, ১৮ গৰাকী যোৰহাটৰ, ৫ গৰাকী ওদালগুৰীৰ, ২ গৰাকী গোলাঘাটৰ, ২ গৰাকী মাজুলীৰ, এগৰাকী ধেমাজী আৰু এগৰাকী তিনিচুকীয়াৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

যোৱা দুটা দিনত অসমে দিনে ১৫০০০তকৈ অধিক ক’ভিড-১৯ টেষ্ট সম্পন্ন কৰিছে।

অসমত এতিয়ালৈকে সম্পন্ন ক’ভিড-১৯ টেষ্টৰ সংখ্যা হৈছে ২৮৮,৬৭৭টা।