NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ সংকটমোচনৰ বাবে বিজেপিয়ে পঠিয়ালে হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2020 6:52 am
Himanta Biswa Sarma

মণিপুৰৰ ৰাজনৈতিক সংকটৰ মাজতে বিজেপিয়ে অসমৰ স্বাস্থ্য মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক মুখ্য মন্ত্ৰী এন বীৰেন সিং নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা বিদ্ৰোহী এন পি পি বিধায়ককেইজনক সৈমান কৰাবলৈ পঠিয়াইছে।

মন্ত্ৰী শৰ্মাই দেওবাৰে নিশা মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এন পি পিৰ নেতা কনৰাড ছাংমাৰ সৈতে গৈ ইম্ফলত উপস্থিত হৈছে। এন ডি টিভিৰ বাতৰিত এইকথা প্ৰকাশ পাইছে।

তেওঁলোকে ৰাজ্যিক এন পি পি গোটৰ সৈতে বিজেপিৰ মনোমালিন্য আঁতৰ কৰাৰ বাবে চেষ্টা চলাব যাৰ বাবে এন পি পিৰ চাৰিগৰাকী বিধায়কে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল।

২০১৭চনত বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু তদানীত্বন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ হৈ অধিক সংখ্যক বিধায়কৰ সমৰ্থনেৰে বিজেপিয়ে মণিপুৰত চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰা শৰ্মা আৰু ছাংমাৰ এই যৌথ যাত্ৰা আকৌ এবাৰ সংকটৰ সময়ত লক্ষ্যণীয় হৈ পৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে, কনৰাড ছাংমাই তেওঁৰ দলৰ বিধায়কসকলক চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ তথা কংগ্ৰেছ নেতৃত্বাধীন এছ পি এফত যোগদানৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে সৈমান কৰিবলৈ চেষ্টা চলাইছে।

বিদ্ৰোহী বিধায়ককেইজনৰ বৰ্তমান সিদ্ধান্তৰ ফলত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ বাবে বিধানসভাৰ এক বিশেষ অধিৱেশনৰ সময় সন্নিকট হৈ পৰিছে।