NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত চোৰে তলা ভাঙি লুটি নিলে সোণ-ৰূপ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা June 22, 2020 4:21 pm

বান্দৰৰ ৰাজ্য হিচাপে খ্যাত গোৱালপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত দেওবাৰে নিশা চোৰৰ দলে মন্দিৰৰ কেবাটাও তলা ভাঙি লুটপাত চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, জিলাখনৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত দেওবাৰে নিশা চোৰৰ দল এটাই প্ৰথমে মন্দিৰৰ সন্মুখত থকা দান বাকচ ভাঙে।

ইয়াৰ পাছত মন্দিৰৰ মূল প্ৰৱেশ দ্বাৰৰ প্ৰকাণ্ড তলা ভাঙি ভিতৰত থকা কাৰ্যালয়ৰ তলা ভাঙি প্ৰৱেশ কৰে আৰু কাৰ্যালয়টো লণ্ডভণ্ড কৰে।

চোৰে কাৰ্যালয়ৰ আলমিৰা ভাঙি সামাণ্য পৰিমানৰ সোণ-ৰূপ লৈ যোৱাৰ লগতে আচবাব ভাঙি লণ্ডভণ্ড কৰে।

ইয়াৰ উপৰি চোৰৰ দলটোৱে মন্দিৰৰ চৌহদত থকা বিবাহ ভৱনৰো তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ উৎপাত চলায়৷

দেৱালয় খনৰ দুটাকৈ দানৰ বাকচ ভাঙি এক বুজন পৰিমানৰ ধন লুটি লৈ যায়। আজি পুৱা পুজাৰী মন্দিৰত উপস্থিত হোৱাতহে চুৰিকাণ্ডৰ সমগ্ৰ তথ্য পোহৰলৈ আহে।

ইফালে এই সমগ্ৰ ঘটনা দেৱালয় পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

বাতৰি প্ৰেৰণ কৰা সময়লৈ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত দেৱালয় পৰিচালনা সমিতিয়ে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই বুলি জানিব পৰা গৈছে৷