NORTHEAST NOW (Assamese)
অসম

চীনা TikTokক প্ৰত্যাহ্বান স্বদেশী এপ Chingari ৰ; ৭২ঘন্টাত ডাউনলোড হৈছে ৫ লাখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 12:41 pm
pic chingari app

ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতীয় লোকৰ মাজত চীনৰ সামগ্ৰী তথা এপ বৰ্জনৰ জোৱাৰ উঠিছে।

ইয়াৰ মাজতে চীনৰ জনপ্ৰিয় এপ টিকটকক প্ৰত্যাহ্বান জনাই মুকলি হৈছে আন এটা ভাৰতীয় স্বদেশী এপ চিংগাৰি।

গুগল প্লে’ষ্টৰত ৭২ঘন্টাৰ ভিতৰতে ৫লাখতকৈয়ো অধিক ডাউনলোড হৈছে এই এপটো। য়ুজাৰৰ মাজত কম সময়ৰ ভিতৰতে অতি জনপ্ৰিয় হৈ পৰিছে চিংগাৰি।

চিংগাৰি এটা ভিডিঅ’ শ্বেয়াৰিং এপ্লিকেশ্যন আৰু ই য়ুজাৰক ভিডিঅ’ আপলোড তথা ডাউনলোডৰ সুবিধা আগবঢ়াইছে।

তদুপৰি, ইয়াত বন্ধুৰ সৈতে ছ্যাট কৰাৰো সুবিধা দিয়া হৈছে।য়ুজাৰে নতুন লোকৰ সৈতে ভাৱ বিনিময় কৰাৰ লগতে কন্টেন্টো শ্বেয়াৰ কৰিব পাৰে।

এপটো ইংৰাজীৰ উপৰি ৯টা ভাৰতীয় ভাষা হিন্দী, গুজৰাটী, মাৰাঠী, পঞ্জাৱী,মালয়ালম, তামিল, তেলেগু,কানাড়া আৰু বাংলাক ছাপোৰ্ট কৰে।

উল্লেখ্য যে এই এপটো বাংগালোৰস্থিত ডেভেলাপাৰ্ছ বিশ্বাত্মা নায়ক আৰু সিদ্ধাৰ্থ গৌতমে ডেভেলপ কৰিছে।

গুগল প্লে ষ্ট’ৰত উপলব্ধ এই এপটোৱে মুকলি হোৱাৰ পাছতে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে।