NORTHEAST NOW (Assamese)
জীৱনশৈলী

ঔষধি গুণেৰে ভৰপূৰ অমিতাত ৰোগ নিৰাময়ৰ মন্ত্ৰ: চাওক অমিতাৰ উপকাৰিতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2023 5:02 pm
Health Benefits of Papaya

আমাৰ খাদ্য তালিকাত অমিতা প্ৰায় থাকেই। গাঁৱৰ প্ৰতিঘৰ লোকৰ বাৰীত অমিতা গছৰ উপস্থিতিও তেনেই চিনাকি দৃশ্য। সাধাৰণতে মানুহে অমিতাক ফল আৰু পাচলি ৰূপে গ্ৰহণ কৰা দেখা যায়।

ফল আৰু পাচলি হিচাপে অমিতাৰ বহুতো ঔষধি গুণ আছে। কেঁচা অমিতা খালে মানুহৰ চালখন অতি মসৃণ হৈ থাকে। কেঁচা আৰু পকা অমিতা পেটৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়।

অমিতাৰ জুচে বদহজম, কৌষ্ঠকাঠিন্য, পেটৰ বিষ আদি পেটৰ ৰোগ নিৰাময় কৰাত প্ৰভূত অৰিহণা যোগায়। অমিতাৰ জুচ খালে দেহৰ সতেজতাও বৃদ্ধি পায়।

কিশোৰ-কিশোৰী আৰু মহিলাসকলে গা ধোৱা পানীত এটুকুৰা অমিতা ডুবাই লৈ গা ধুব পাৰিলে ভাল।গা ধোৱাৰ পিছত অমিতা খালে পাচনক্ৰিয়া সঠিকমতে কাম কৰে।

ডায়েবেটিছ ৰোগীৰ বাবেও অমিতা অতি উপাদেয়। অমিতাত ভিটামিন ‘চি’ আৰু প’টেছিয়াম, মেগনেছিয়াম আদিৰ লগতে ভিটামিন ‘বি’ও পোৱা যায়। ভিটামিন এ’ও উপলব্ধ হয় অমিতাত।

অমিতাৰ আঁহোবাৰ এখন ডাঙৰ চামুচত মৌ ৰস মিহলাই গালত ঘঁহি ১০ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই দিলে মুখৰ চাল অতি সতেজ হৈ থকাৰ লগতে মসৃণ কৰি ৰাখে।

অমিতা খালে শৰীৰ সবল কৰাৰ লগতে শক্তি অক্ষয় কৰি ৰাখে। অমিতা খালে পেট চাফা কৰি ৰখাতো সহায়ক হয়।

ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ কৰা মহিলাই অমিতা খালে বিষৰ পৰা উপশম পাব পাৰে।