NORTHEAST NOW (Assamese)
অসম

বিতৰ্কিত ফেইচবুক পোষ্টৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ দাখিল অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 19, 2020 6:56 pm
96ee6da7-3ec8-4c17-93d2-ba7715b52494

অভিনেতা যতীন বৰা আৰু আছুৰ প্ৰস্তাৱিত ৰাজনৈতিক দলক লৈ কি ক’লে বৰষাৰাণী বিষয়াই?

অভিনেতা যতীন বৰাৰ পুনৰ বিজেপি গমনক কেন্দ্ৰ কৰি চৰ্চা অব্যাহত থকাৰ মাজতেই অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ নামত খোলা ফেইচবুক পেইজৰ এটা ফেচবুক পোষ্টটোত লিখা আছে- ‘যতীন বৰাই উচিত সিদ্ধান্ত লৈছে। একাংশ সংগঠনে কা আন্দোলনক নিজৰ নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবেহে ব্যৱহাৰ কৰা যেন মোৰ দৰে বহুতৰে হয়তো অনুভৱ হৈছে।’

মিলন কাকতি নামৰ এজনে নিজৰ টাইমলাইনত সেই ভুৱা পোষ্টটো শ্বেয়াৰ কৰিছিল।

ইয়াৰ পাছতেই আজি বিয়লি ভাগত অভিনেত্ৰীগৰাকীয়ে লতাশিল থানাত এক গোচৰ দাখিল কৰে।

গোচৰ দাখিল কৰি আহি অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় ‘সামাজিকভাৱে মোৰ যি প্ৰতিচ্ছবি আছে সেয়া হেয় কৰাৰ বাবে এক প্ৰচেষ্টা চলাইছে। কোনে কৰিছে সেইটো বৰ আচৰিত কথা। আৰক্ষীয়ে যাতে চাইবাৰ চেলৰ জৰিয়তে এক তদন্ত কৰে কোনে আচলতে এইটো কাম কৰিছে। মই তেনে কোনো কাম কৰা নাই বা পোষ্ট দিয়া নাই।‘

যতীন বৰা সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয় ‘তেওঁ মোতকৈ জ্যেষ্ঠ। তেওঁ যি সিদ্ধান্ত লৈছে তাকলৈ ক’বলৈ নাযাওঁ। গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে গতিকে তেওঁ বিবেকৰে এই সিদ্ধান্ত লৈছে। তেওঁ আৱেগৰ কথা কৈছিল। মই কিন্তু আৱেগ আৰু বিবেক দুয়োটাকে প্ৰাধান্য দিহে কা আন্দোলনত জড়িত হৈ পৰিছিলো। মই মোৰ স্থিতিত থাকিম, স্থিতি কেতিয়াও সলনি নকৰো।‘

‘প্ৰত্যক্ষ ৰাজনীতিত কোনোকালেই জড়িত নাথাকো। মোক আপোনালোকে শিল্পী বনাইছে মই এই শিল্পীস্বত্তা কেতিয়াও এৰি নাযাওঁ। জাতিৰ কেতিয়াবা বিপদ আহিলেই ৰাইজৰ লগত থিয় দি মাত মাতি যাম। পৰিৱৰ্তনৰ বাবে ক্ষমতা লাগিবই। আছুৰ নতুন ৰাজনৈতিক দলৰ প্ৰতি সমৰ্থন থাকিব। পৰিৱৰ্তন ৰাইজে বিচাৰিছে। ৰাইজৰ মনতো এটা প্ৰশ্ন যে ক্ষমতালৈ গৈ আকৌ ৰাইজক ঠগিব নোৱাৰিব, গতিকে ৰাইজৰ লগত মই থাকিম।‘ আছুৰ প্ৰস্তাৱিত ৰাজনৈতিক দল সন্দৰ্ভত মন্তব্য কৰি বৰষাৰাণী বিষয়াই এইদৰে কয়।

ইপিনে, কাৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিত অটল থকা বুলি দাবী কৰি বৰষাই লগতে কয় ‘কা আন্দোলন স্থবিৰ হ’ব নোৱাৰে। কা বাতিল হ’বই লাগিব। কা এখন জাতিধ্বংসী আইন।’