NORTHEAST NOW (Assamese)
Popular Stories

বাইচুং ভূটীয়াই আজি এৰিলে তৃণমূল কংগ্ৰেছ : এতিয়ালৈকে আন দলত যোগ দিয়া নাই

Posted by: এন ই নাও নিউজ February 26, 2018 4:29 pm

প্ৰখ্যাত ফুটবল খেলুৱৈ, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই আজি তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰিছে।

ফে’চবুক যোগে তৃণমূল ত্যাগ কৰাৰ কথা ঘোষণা কৰি বাইচুঙে জনাইছে যে এতিয়া তেওঁ কোনো দলৰ সদস্য নহয়।

বাইচুঙে তৃণমূল কংগ্ৰেছৰ হৈ ২০১৪ চনত দাৰ্জিলিং লোকসভা সমষ্টিত আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

baichung left trinamool

তৃণমূল কংগ্ৰেছে এতিয়ালৈকে এই সন্দৰ্ভত কোনো দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

খেলুৱৈগৰাকীয়ে কোনো দলত সদ্যহতে যোগদান কৰা নাই যদিও কিছুদিন পূৰ্বে তেওঁ বংগৰ ৰাজনীতি এৰি ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ মন মেলিছে বুলি খবৰ ওলাইছিল।

ছিকিমৰ শাসকীয় দল ছিকিম গণতান্ত্ৰিক মৰ্চাৰ নেতা তথা ৰাজ্যৰ বন মন্ত্ৰী শ্বেৰিং ৱাংডি লেপ্চাই ভূটিয়াই ছিকিমৰ ৰাজনীতিলৈ আহিব খোজা বোলা বাতৰিক আদৰণি জনাই ‘বাইচুং হৈছে ছিকিমৰ সন্তান আৰু তেওঁৰ ক্ৰীড়া নৈপুণ্যই ছিকিমৰ লগতে দেশখনৰ বাবে সন্মান কঢ়িয়াই আনিছে। আমি তেওঁক লৈ অত্যন্ত গৌৰৱান্বিত। ছিকিমৰ জনসাধাৰণৰ প্ৰতি মোৰ এটাই অনুৰোধ তেওঁলোকে এই নতুন পৰিস্থিতিটোৰ প্ৰতি সজাগ হওক আৰু এই ঘটনা প্ৰবাহৰ ওপৰত দৃষ্টি ৰাখক যিটো ছিকিমৰ ৰাজনৈতিক ক্ষেত্ৰখন অস্থিৰ কৰাৰ কৌশলো হ’ব পাৰে’ বুলি কৰা মন্তব্য তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছিল।