NORTHEAST NOW (Assamese)
Popular Stories

ডিজিটেল প্লেটফৰ্মত মুক্তি পাব সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ‘দিল বেচাৰা’ : পিছে কেতিয়া?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 8:18 pm
Story-9-11-750x375

ডিজিটেল প্লেটফৰ্মত মুক্তি পাব বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিঙৰ অন্তিমখন চিনেমা দিল বেচাৰা-এ।

অহা ২৪ জুলাইত ডিছনী+হটষ্টাৰত মুক্তি দিয়াৰ কথা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা

স্মৰ্তব্য যে, বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে যোৱা ১৪ জুনত বান্দ্ৰাস্থিত ফ্লেটত আত্মহত্যা কৰিছিল।

প্ৰয়াত অভিনেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডিছনী+হটষ্টাৰে ইয়াৰ চাবস্ক্ৰাইবাৰ আৰু নন-চাবস্ক্ৰাইবাৰ সকলো দৰ্শকৰ বাবে ছবিখন ডিজিটেল প্লেটফৰ্মত মুক্তি দিব বুলি জনাইছে।

ডিছনী+হটষ্টাৰে এই ঘোষণা কৰি টুইটাৰত কয়, “প্ৰেম, আশা আৰু অন্তহীন স্মৃতিৰ কাহিনী। সুশান্ত সিং ৰাজপুতক যিসকলে মনত চিৰকাল লালন আৰু পালন কৰিব তেওঁলোকৰ সকলোৰে ওচৰলৈ ২৪ জুলাইত আহি আছে দিল বেচাৰা।”

“সুশান্তক আৰু সুশান্তৰ চিনেমা ভালপোৱা সকলো চাবস্ক্ৰাইবাৰ আৰু নন-চাবস্ক্ৰাইবাৰৰ বাবে চিনেমাখন উপলব্ধ হ’ব।” ডিছনী+হটষ্টাৰে লগতে আৰু কয়।

দিল বেচাৰা  ছবিখন পৰিচালনা কৰিছে নৱাগত পৰিচালক মুকেশ চ্চাব্ৰাই আৰু ছবিখনত সুশান্তৰ বিপৰীতে অভিনয় কৰিছে সাঞ্জনা সিংঘীয়ে।

দিল বেচাৰা  হৈছে জন গ্ৰীণৰ দ্য ফ’ল্ট ইন আৱাৰ ষ্টাৰ্ছ শীৰ্ষক জনপ্ৰিয় উপন্যাসৰ আধাৰত একে নামেৰে ২০১৪ চনত মুক্তি পোৱা হলিউদৰ ৰোমাণ্টিক ছবিখৰ বলিউদী সংস্কৰণ।

উল্লেখ্য যে, যোৱা মে’ মাহতে ছবিখন ছবিগৃহত মুক্তি দিয়াৰ কথা আছিল যদিও ক’ৰ’নাতংকৰ বাবে মুক্তি দিব পৰা নগ’ল।