NORTHEAST NOW (Assamese)
Popular Stories

দৰিদ্ৰতা নহয় হেঙাৰ : উঃ মা:ত ৯১.৬ শতাংশৰে ৰহালৈ গৌৰৱ কঢ়িয়াই আনিলে খুচিয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 27, 2020 12:44 pm

কোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ দৰিদ্ৰতা কেতিয়াও হেঙাৰ হিচাপে থিয় দিব নোৱাৰে।

তাকে পুনৰবাৰ প্ৰমাণ কৰিলে নগাঁও ৰহাৰ টকলাটোপ গাঁওৰ জীয়ৰী খুচি ছেত্ৰীয়ে।

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ ফলাফলত ৰহাৰ ৰিজ’নেন্স বিদ্যাপীঠ জুনিয়ৰ কলেজৰ পৰা মুঠ ৯১.৬ শতাংশ নম্বৰৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে খুচিয়ে।

আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৪৫৮ নম্বৰ লাভ কৰা খুচিক অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ প্ৰয়োজন হৈছিল মাত্ৰ ৮ নম্বৰ।

ৰহাৰ টকলাটোপ গাঁওৰ এটা দৰিদ্ৰ পৰিয়ালৰ যুৱতী খুচি। জন্মৰ এবছৰৰ পাছতে পিতৃক হেৰুওৱা খুচিয়ে মাতৃৰ তত্বাৱধানত ডাঙৰ হৈছিল। মাতৃয়ে প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী, যি মজুৰি লাভ কৰে সেয়াৰে ঘৰখন চলোৱাত বহু অসুবিধাৰ সৃষ্টি হয়।

কিন্তু তেনে এক পৰিস্থিতিটো হতাশ নহৈ বা মনোবল নেহেৰুৱাই বুকুত অদম্য সাহস বান্ধি মেধাবী খুচিয়ে নিয়মীয়াকৈ কৰি গৈছিল অধ্যয়ন।

“কেতিয়াবা এনেকুৱা হয় যে সকলো ক্ষেত্ৰত দৰিদ্ৰতা হেঙাৰ নহয়। আমি যদি দৃঢ় মনোবল লৈ আগবাঢ়ি যাব পাৰো তেন্তে দৰিদ্ৰতা বা অন্য কোনো ধুমুহাই শিক্ষাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে।” আমাৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত খুচিয়ে এইদৰে কয়।

খুচিয়ে জনোৱা অনুসৰি তেওঁ দৈনিক ১০-১২ ঘণ্টাকৈ অধ্যয়ণ কৰিছিল।

তেওঁ আৰু কয় “মই এনে নহয় যে কিতাপৰ লগতে লাগি আছিলো, পঢ়াৰ সমান্তৰালকৈ মোৰ কৰণীয় ঘৰৰ কাম-বন কৰি গৈছিলো। মই মাৰ দুখ কষ্ট আৰু আৰ্থিক স্থিতি বুজি পাইছিলো সেইকাৰণে একানপতীয়াকৈ পঢ়িছিলো।”

ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হ’বলৈ মনত হেঁপাহ পুহি ৰখা খুচিক প্ৰয়োজন আপোনাৰ অলপ সহায়।

প্ৰথমতে খুচিয়ে ৰহা মহাবিদ্যালয়ত ইংৰাজী বিষয়ত মেজৰ লৈ অধ্যয়ণ কৰিব আৰু তাৰ পাছত APSC বা UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ এক সপোন মনত পুহি ৰাখিছে।

যদি কোনো ইচ্ছুক লোকে খুচিক আর্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে খুচিৰ বেংক অব ইণ্ডিয়াৰ ৰহাৰ গৰমাৰী শাখাৰ একাউণ্ট নম্বৰ 505210110004376 ৰ জৰিয়তে কৰিব পাৰে। IFSC CODE : BKID0005052।

ইপিনে, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসলৈ অনুৰোধ জনাই খুচিয়ে কয় “চাৰলৈ এটাই অনুৰোধ তেওঁ আমাৰ ঘৰলৈ আহি এবাৰ আমাৰ ঘৰৰ পৰিস্থিতিটো চাই যাবহি। উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত চাৰে সহায় কৰিব, যদি পাৰে তাৰ বাবেও চাৰলৈ অনুৰোধ জনাইছো।”

আমিও বিচাৰো জীৱনৰ লক্ষ্য পূৰণ হোৱাৰ ক্ষেত্ৰত যাতে দৰিদ্ৰতাৰ হেঙাৰ খুচিৰ সন্মুখত থিয় হ’ব নোৱাৰে। সেয়েহে খুচিলৈ নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা জনাইছো অলেখ শুভকামনা।