NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰসংঘৰ গাড়ীৰ ভিতৰতে উদ্দাম যৌনতাত মত্ত এহাল নাৰী-পুৰুষ; ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2020 6:49 pm
Sex-Act-640x375

মাত্ৰ কেই ছেকেণ্ডমানৰ এটা ভিডিঅ’ই ইন্টাৰনেট জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্বাভাৱিকতে এই ভিডিঅ’ৰ কাৰণেই এতিয়া সকলোৰে সন্মুখত লজ্জানত হৈ পৰিছে ৰাষ্ট্ৰসংঘ।

এটা ব্যস্ত পথত ৰাষ্ট্ৰসংঘৰ গাড়ী এখনৰ ভিতৰতেই এহাল নাৰী-পুৰুষ উদ্দাম যৌনতাত মত্ত হৈ উঠে।

আনহাতে, যৌন অসৎ আচৰণ (sexual misconduct) আৰু যৌন শোষণৰ (exploitation)ৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কঠোৰ নীতি বন্ধা আছে।

এই ঘটনাৰ পাছতে নিজৰ মুখ বচোৱাৰ বাবে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰিছে সংস্থাটোৱে।

টুইটাৰ যোগে ভাইৰেল হৈ পৰা ভিডিঅ’টোত ৰাষ্ট্ৰসংঘৰ অফিচিয়েল গাড়ী এখনৰ পিছপিনে বহি থকা দেখা গৈছে এগৰাকী বিষয়াক।

গাড়ীৰ খিৰিকিৰ গ্লাছ নমোৱা আছে। ৰঙা সাজ পিন্ধা মহিলা এগৰাকীয়ে বিষয়াগৰাকীৰ কোলাত বহি যৌন কাৰ্যত লিপ্ত হৈছে। ভিডিঅ’ ক্লিপিঙত সেয়া পৰিস্কাৰ হৈ পৰিছে।

দেখা গৈছে গাড়ীৰ আগৰ পিনে আন এগৰাকী ব্যক্তিও আছে। ভিডিঅ’টোত কাৰো মুখ স্পষ্টভাৱে ধৰিব পৰা হোৱা নাই।

গাড়ীখনৰ নম্বৰপ্লেটৰ পৰা গাড়ীখন ৰাষ্ট্ৰসংঘৰ ট্ৰুছ ছুপাৰভিশ্যন অৰ্গেনাইজেশ্যন (UNTSO)ৰ বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, এই ভিডিঅ’টো ইজৰাইলৰ তেল আভিভৰ এটা ব্যস্ত পথৰ। কোনোবাই পথটোৰ কাষৰ ঘৰৰ পৰা ভিডিঅ’টো লোৱা বুলি অনুমান কৰা হৈছে।

ইপিনে, ভিডিঅ’টো টুইটাৰত ভাইৰেল হৈ পৰা পাছতেই ৰাষ্ট্ৰসংঘৰ বিষয়ববীয়া ঘটনাতো গাপ দিয়াৰ বাবে তৎপৰ হৈ পৰে।