NORTHEAST NOW (Assamese)
অসম

টিকটিককে ধৰি ৫৯ টা চাইনীজ এপ দেশত নিষিদ্ধ ঘোষণা কৰিলে ভাৰত চৰকাৰে, চাওক সম্পুৰ্ণ তালিকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 9:21 pm
tiktok-1140x570

ভাৰত আৰু চীনৰ মাজত সীমান্তত চলি থকা উত্তেজনাৰ সময়তে ভাৰত চৰকাৰে টিকটককে ধৰি ৫৯ টা চাইনিজ এপক নিষিদ্ধ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰত চৰকাৰৰ তথ্য আৰু পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা মুঠ ৫৯ টা চাইনীজ এপক ভাৰতত নিষিদ্ধ ঘোষণা কৰি ইয়াৰ তালিকা প্ৰকাশ কৰা হয়।

ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে চাইনীজ এপ সমূহক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা চাইনীজ এপ সমূহ হ’ল ক্ৰমে-

১. টিকটক ২. শ্বেয়াৰইট ৩. কেৱাই  ৪. য়ু চি ব্ৰাউজাৰ ৫. বাইদু মেপ ৬. শ্বেইন ৭. ক্লেচ অফ কিংছ ৮. ডি য়ু বেটাৰী চেভাৰ  ৯. হেলো ১০. লাইকি ১১. য়ুকেম মেকআপ ১২. এম আই কমিউনিটি ১৩. চি এম ব্ৰাউজাৰ ১৪. ভাইৰাছ ক্লীনাৰ ১৫. এ পি য়ু এছ ব্ৰাউজাৰ ১৬. ৰোমৱে  ১৭. ক্লাৱ ফেক্টৰী ১৮. নিউজ ড’গ ১৯. বিউটি প্লাছ ২০. উই চাট ২১. য়ু চি নিউজ ২২. কিউ কিউ মেইল

২৩. ৱেইবো ২৪. জেণ্ডাৰ ২৫. কিউ কিউ মিউজিক ২৬. কিউ কিউ নিউজ ফিড ২৭. বিগো লাইভ ২৮. চেল্ফি চিটি ২৯. মেইল মাষ্টাৰ ৩০. পেৰেলেল স্পেচ ৩১. এম আই ভিডিঅ’ কল ৩২. উই চিনচ ৩৩. ই এছ ফাইল এক্সপ্লোৰাৰ ৩৪. ভিভা ভিডিঅ’ ৩৫. মেইটু ৩৬. ভিগো ভিডিঅ’ ৩৭. নিউ ভিডিঅ’ ষ্টেটাছ ৩৮. ডি য়ু ৰেকৰ্ডাৰ

৩৯. ভল্ট-হাইদ ৪০. কাচ্চে ক্লীণাৰ ডি য়ু এপ ষ্টুডিঅ’ ৪১. ডি য়ু ক্লীণাৰ ৪২. ডি য়ু ব্ৰাউজাৰ ৪৩. হাগো প্লে উইথ নিউ ফ্ৰেইণ্ডছ ৪৪. কেম স্কেনাৰ ৪৫. ক্লীণ মাষ্টাৰ ৪৬. ৱোণ্ডাৰ কেমেৰা ৪৭. ফটো ৱাণ্ডাৰ ৪৮. কিউ কিউ প্লেয়াৰ ৪৯. উই মিট ৫০. চুইট চেল্ফি ৫১. বাইদু ট্ৰেনচলেট ৫২. ভিমেট ৫৩. কিউ কিউ ইণ্টাৰনেশ্যনেল ৫৪. কিউ কিউ চিকুৰিটি চেণ্টাৰ ৫৫. কিউ কিউ লঞ্চাৰ ৫৬. য়ু ভিডিঅ’ ৫৭. ভি ফ্লাই ষ্টেটাছ ভিডিঅ’ ৫৮. মোবাইল লিজেণ্ড ৫৯. ডি য়ু প্ৰাইভেছি ।

চাইনীজ এপ সমূহ ভাৰতত নিষিদ্ধ ঘোষণা কৰাৰ পাছত ভাৰত চৰকাৰে এই এপ সমূহৰ ওপৰত দীৰ্ঘদিনৰ পৰা বিভিন্ন অভিযোগ লাভ কৰি অহা হৈছিল বুলি উল্লেখ কৰে।