NORTHEAST NOW (Assamese)
অসম

পি পি ই কিটৰ ৰপ্তানিত ভাৰত চৰকাৰৰ অনুমতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 10:10 pm

কেন্দ্ৰ চৰকাৰে সোমবাৰে ভাৰতীয় প্ৰতিষ্ঠান সমূহক পি পি ই কিট ৰপ্তানি কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

কেন্দ্ৰ চৰকাৰে পি পি ই কিট ৰপ্তানি কৰিবলৈ অনুমতি দিলেও কোভিড-১৯-ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি মাহে ৫০ লাখ য়ুনিট পি পি ই কিট ৰপ্তানি কৰাৰ বাবেহে অনুমতি দিছে।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে টুইটাৰত এই সম্বন্ধে এখন জাননী শ্বেয়াৰ কৰে।

”মেক ইন ইণ্ডিয়াৰ ৰপ্তানি বৃদ্ধিৰ দিশে,” মন্ত্ৰী পিযুষ গোৱেলে লগতে লিখে।

পি পি ই কিট ৰপ্তানি কৰা প্ৰতিষ্ঠানসমূহক ৰপ্তানিৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত ভাৰতে চীনৰ পৰা পি পি ই কিট আমদানি কৰিছিল।

পৰৱৰ্তী সময়ত ভাৰতে নিজাববীয়াকৈ পি পি ই কিট প্ৰস্তুত কৰাৰ কামত হাতত লয় আৰু বৰ্তমান সময়ত ভাৰত প্ৰতিদিনে ৩ লাখৰ পৰা ৪ লাখ পৰ্যন্ত পি পি ই কিট প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে।