NORTHEAST NOW (Assamese)
Popular Stories

জীয়েকৰ বাবে এন্দ্ৰইড মোবাইল কিনি দিব নোৱাৰা অসহায় পিতৃৰ আত্মহত্যা

Posted by: তন্ময় চক্ৰৱৰ্তি Updated by: তন্ময় চক্ৰৱৰ্তি July 2, 2020 12:48 pm

ত্ৰিপুৰাত সংঘটিত হৈছে এটি কৰুণ ঘটনা। নিজ কন্যাক এটা এন্ড্ৰইড মোবাইল কিনি দিব নোৱাৰাৰ দুখত এজন পিতৃয়ে আত্মহত্যা কৰা ঘটনাই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দশম শ্ৰেণীত অধ্যয়ণৰত নিজৰ কন্যাই অনলাইন ক্লাছত অংশ ল’বৰ বাবে দেউতাকৰ পৰা এটা মোবাইল ফোন বিচাৰিছিল।

কিন্তু লকডাউনৰ বাবে আৰ্থিক সংকটত ভোগা পিতৃয়ে মোবাইলটো কিনি দিব নোৱাৰাত নিজৰ পৰিয়ালৰ দ্বাৰা অপমানিত হোৱাত এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

আত্মহত্যা কৰা লোকজন সুকুমাৰ ভৌমিক (৪৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছিল।

এই ঘটনাটো সংঘটিত হৈছে চেপাহিজালা জিলাৰ বিশালগড় মহকুমাৰ অন্তৰ্গত ঘনিয়ামাৰাত।

সুকুমাৰৰ পৰিয়ালত আছিল পত্নী, দুগৰাকী জীয়েক আৰু এজন পুত্ৰ। তেওঁৰ জ্যেষ্ঠ কন্যাগৰাকী বিশালগড় মহকুমাস্থিত এখন স্কুলত দশম শ্ৰেণীত পঢ়ি আছে।

উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ বাবে বিদ্যালয় বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে আৰম্ভ কৰা অনলাইন ক্লাছৰ বাবে জীয়েকজনীয়ে বিচাৰিছিল এটা এন্দ্ৰইড মোবাইল ফোন।

আৰ্থিক অৱস্থাই কোঙা কৰা পিতৃয়ে এন্দ্ৰইড ফোনৰ বিপৰীতে মঙলবাৰে জীয়েকক এটা সাধাৰণ মোবাইল ফোন কিনি দিছিল।

এন্দ্ৰইড ফোনৰ বিপৰীতে সাধাৰণ মোবাইল কিনি দিয়াত জীয়েকজনীয়ে খং কৰি পৰিয়ালৰ আন সদস্যৰ সন্মুখতে ফোনটো দলিয়াই দিয়ে।

জীয়েকৰ এনে আচৰণত অত্যন্ত দুখ পাই পিতৃ সুকুমাৰে মঙলবাৰে নিশাই আত্মহত্যা কৰে। বুধবাৰে তেওঁৰ মৃতদেহ চীপ লৈ থকা অৱস্থাত নিজ ঘৰতে উদ্ধাৰ হয়।