NORTHEAST NOW (Assamese)
অসম

সন্দেহযুক্ত কোভিড আক্ৰান্তৰ মৃতদেহ পৰীক্ষাৰ ফলাফল অবিহনেই চমজি লব পাৰিব পৰিয়ালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 8:01 am
xcorona19-1589944874.jpg.pagespeed.ic.AKsoR7_3Mt

দেশত এতিয়া বতাহৰ গতিত সংক্ৰমিত হৈছে মাৰাত্মক কৰ’না ভাইৰাছ। প্ৰতিদিনে কৰ’না ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে।

দেশৰ প্ৰায় ৬ লাখ লোক এতিয়া এই ভাইৰাছত আক্ৰান্ত হৈছে। কৰ’না ভাইৰাছত আক্ৰান্ত হৈ এতিয়ালৈকে দেশত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৭০৩৪ গৰাকী।

কৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা বহু লোকৰ মৃত্যুৰ সময়লৈকে পৰীক্ষাৰ ফলাফল আহি নাপায়। এই ক্ষেত্ৰত মৃতকৰ পৰিয়াল বাৰুকৈয়ে আহুকালৰ সন্মুখীন হবলগীয়া হয়।

এই সমস্যা দূৰ কৰিবলৈ শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এক নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা  সন্দেহযুক্ত কোভিড আক্ৰান্তৰ মৃতদেহ পৰীক্ষাৰ ফলাফল অবিহনেই চমজি লব পাৰিব পৰিয়ালে।

এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যাৱতীয় নীতি-নিয়ম মানি মৃতকৰ সৎকাৰ কৰিব পৰা যাব।

যদি পৰৱৰ্তী সময়ত মৃতকৰ কৰ’না পজিটিভ পোৱা যায় তেন্তে তেনে লোকৰ পৰিয়াল আৰু সৎকাৰত অংশগ্ৰহণ কৰা সকলে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰিব লাগিব{

সেইদৰে, একো একোটা বিশেষ অঞ্চল কন্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হ’ব।